সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান, ১৯৭১ চনৰ ২৫ মাৰ্চেই হ’ব অসমৰ ভিত্তিবৰ্ষ
অৱশেষত আহিল সেই বহুদিনৰ পৰা অধীৰ অপেক্ষাৰে বাট চাই ৰোৱা ঐতিহাসিক ৰায়দান। আজি ১৭ অক্টোবৰ তাৰিখ বৃহস্পতিবাৰে সৰ্বোচ্চ ন্যায়ালয়ে দিলে অসমৰ ভিত্তিবৰ্ষ সন্দৰ্ভত ৰায়।
১৯৭১ চনৰ ২৫ মাৰ্চেই হ’ব অসমৰ ভিত্তিবৰ্ষ। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰৰ নেতৃত্বত সৰ্বোচ্চ ন্যায়ালয়ৰ ৫ জনীয়া বিচাৰ পীঠৰ এই ঐতিহাসিক ৰায়দান।
নাগৰিকত্ব আইনৰ ৬(ক) দফা সন্দৰ্ভত এই ৰায়দান। এতিয়া ১৯৭১ চনেই হব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ।
এই ১৯৭১ চনৰ ২৫ মাৰ্চৰ ভিত্তিবৰ্ষ সন্দৰ্ভত সপক্ষে ৰায়দান ৪ জন ন্যায়াধীশৰ। আনহাতে এই ভিত্তিবৰ্ষৰ বিপক্ষে ৰায়দান এজন ন্যায়াধীষৰ। বিপক্ষে ৰায়দান জে বি পাৰ্ডিৱালাৰ।
ভিত্তিবৰ্ষ সন্দৰ্ভত সপক্ষে ৰায়দান কৰে মুখ্য ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড় , ন্যায়াধীশ এম এম সুন্দৰেশ, ন্যায়াধীশ মনোজ মিশ্ৰ আৰু ন্যায়ধীশ সুৰ্যকান্তৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ