চলন্ত ট্ৰেইনত হঠাতে অগ্নিকাণ্ড, প্ৰাণ ৰক্ষাৰ বাবে জপিয়ালে যাত্ৰীয়ে
২৭ অক্টবোৰ দেওবাৰে সন্ধিয়া মধ্যপ্ৰদেশৰ এখন চলন্ত ৰে’লত হঠাতে অগ্নিকাণ্ড সংঘটিত হয়। যাৰ ফলত আতংকিত হৈ পৰে সকলো যাত্ৰী। অগ্নিকাণ্ডৰ পিছতে বহু যাত্ৰী ৰেলৰ পৰা জপিয়াই প্ৰাণ ৰক্ষা কৰে।
বৰ্তমানলৈ এই দুৰ্ঘটনাটোত আহত হোৱাৰ বাদে প্ৰাণ সংশয়ৰ কোনো তথ্য পোৱা হোৱা নাই। ঘটনাস্থলীত বৰ্তমানে উদ্ধাৰৰ কাম চলি আছে।
তথ্য অনুসৰি দেওবাৰে সন্ধিয়া প্ৰায় ৫:২০ মান বজাত ০৯৩৪৭ নম্বৰ ডাঃ আম্বেদকাৰ নগৰ-ৰতলাম DEMU ৰেলগাড়ীত অগ্নিকাণ্ড সংঘটিত হয়। ৰেলখনত জুই লগাৰ সময়ত ইন্দোৰৰ পৰা ৰাটলামলৈ গৈ আছিল। জানিব পৰা মতে, হঠাৎ ৰুনিজা আৰু নৌগাঁৱৰ মাজত ৰে’লৰ পৰা ধোঁৱা ওলাবলৈ ধৰে আৰু অগ্নিকাণ্ড সংঘটিত হয়।
https://x.com/pandeyambarish/status/1850526752918974759
যিহেতু দীপাৱলীৰ সময় আছিল, গতিকে ৰেলখন ঘৰলৈ উভতা যাত্ৰীৰে ভৰি আছিল। যেতিয়া মানুহে ৰেলখনত জুইৰ কথা জানিব পাৰিলে, তেতিয়া তেওঁলোকৰ মাজত হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয়। কিছুসংখ্যক লোকে চলন্ত ৰে’লৰ পৰা জপিয়াই সামান্য আঘাতপ্ৰাপ্ত হয়।
নিকটতম ষ্টেচন আৰু অগ্নিনিৰ্বাপক বাহিনীক এই বিষয়ে অৱগত কৰা হয়। ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীৰ লোকে জুই নিয়ন্ত্ৰণলৈ আনে। ৰে’ল বিভাগৰ বিষয়াসকলৰ মতে বৰ্তমান এই দুৰ্ঘটনাত কোনো লোকৰ প্ৰাণ বা সা-সম্পত্তিৰ ক্ষতি হোৱা নাই। দুৰ্ঘটনাৰ কাৰণৰ তদন্ত অব্যাহত আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ