বিৰাট কোহলীক ICCৰ জৰিমনা, কৰ্তন হ’ব ২০ শতাংশ…
মেলবৰ্ণ টেষ্টৰ প্ৰথম দিনৰ শেষ হোৱাৰ লগে লগে আইচিচিয়ে ভাৰতীয় বেটছমেন বিৰাট কোহলীৰ বিৰুদ্ধে জৰিমনা বিহিছে। বিৰাটে অষ্ট্ৰেলিয়াৰ অ’পেনাৰ ছেম কনষ্টাছক আঘাত কৰিছিল। এই ঘটনাৰ পিছতে আইচিচিয়ে বিৰাটৰ মেচ মাচুলৰ ২০ শতাংশ কৰ্তন কৰি লেভেল ১ৰ দোষী সাব্যস্ত কৰে।
আনহাতে প্ৰথম দিনাৰ খেল শেষ হোৱাৰ পিছতে বিৰাটে নিজৰ ভুল স্বীকাৰ কৰিছে, যাৰ বাবে বিষয়টোৰ ওপৰত অধিক শুনানিৰ প্ৰয়োজন নাথাকিব বুলি আই চি চিৰ ফালৰ পৰা সদৰি।
আজিৰ খেল খনৰ দশমটো অভাৰত সংঘটিত হয় এই ঘটনা। অষ্ট্ৰেলিয়াৰ ইনিংছৰ ১০ আৰু ১১ নম্বৰ অভাৰৰ মাজৰ বিৰতিৰ সময়তে কোহলীয়ে কনষ্টাছৰ ফালে আগবাঢ়ি গৈ কান্ধত আঘাত কৰে।
সেই সময়ত ঘোষক হিচাপে কাম কৰি থকা অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পণ্টিঙেও লগে লগে কৈ উঠে যে কোহলীয়ে ইচ্ছাকৃতভাৱে এই কাম কৰিছিল। আনহাতে, প্ৰাক্তন ভাৰতীয় খেলুৱৈ তথা প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে বিৰাটৰ এই কাৰ্যক সম্পূৰ্ণ অপ্ৰয়োজনীয় বুলি অভিহিত কৰে।
সেয়ে আই চি চিয়ে বিৰাটক লেভেল ৱানৰ দোষী সাব্যস্ত কৰে আৰু তেওঁৰ মেচ মাচুল কৰ্তন কাৰ সিদ্ধান্ত কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ