শোকাৱহ, গুৱাহাটীলৈ আহি থকা অৱস্থাতে দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুই যুৱকে
আজি বৃহস্পতিবাৰে সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত একেলগে প্ৰাণ হেৰুৱালে দুই যুৱকে। গুৱাহাটীলৈ আহি আছিল দুই যুৱক।
পাছে গুৱাহাটী আহি পোৱাৰ পূৰ্বেই দু্ৰ্ঘটনা সংঘটিত হৈ একেলগে প্ৰাণ হেৰুৱালে দুয়োগৰাকী যুৱকে।
নগাঁও জিলাৰ উৰিয়াগাঁও বাইপাছত সংঘটিত হৈছে এই ভয়ংকৰ দূৰ্ঘটনাটো। থিতাতে নিহত দুয়ো বাইক আৰোহী। তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিয়াৰ ফলতে ঘটনাস্থলীতে প্ৰাণ হেৰুৱাই দুয়ো বাইক আৰোহীয়ে।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, উৰীয়াগাঁৱৰ পৰা গুৱাহাটীলৈ গৈ থকা অৱস্থাত দুখন ট্ৰাকক অভাৰটেক কৰি আগবাঢ়িবলৈ চেষ্টা কৰি দুয়ো ট্ৰাকৰ মাজেৰে পাৰ হৈ যাব লওঁতেই সংঘটিত হয় দুৰ্ঘটনাটো।
নিহত বাইক আৰোহী দুজন ক্ৰমে শ্বাহিদ দাস আৰু আমিন আলি। নিহত বাইক আৰোহী দুজন ট্ৰেভেলাৰ চালক আছিল বুলি জানিব পৰা গৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ