অসম লাইভ ২৪ঃ মৃত্যুৰ সিপাৰৰ পৰাও সহায়ৰ হাত৷ ১২ জন ব্যক্তিক নতুন জীৱন দান দি গ’ল গুজৰাটৰ ছুৰাটৰ দুই বন্ধুৱে৷ কিডনী, লিভাৰ, শ্বাসযন্ত্ৰ, চকু আদি দান দি নতুন জীৱন দি গ’ল ১২গৰাকীকৈ ব্যক্তিক৷ ২৪ আগষ্টৰ নিশা এক দুৰ্ঘটনাত পতিত হৈ ‘ব্ৰেইন ডেড’ হৈছিল দুই বাল্য বন্ধু ১৮ বছৰীয়া মীত পাণ্ডে আৰু ক্ৰীচ গান্ধীৰ৷ চিকিৎসকে দুই যুৱকৰ ‘ব্ৰেইন ডেড’ ঘোষণা কৰাৰ পাছতে পৰিয়ালৰ কাষ চাপে ছুৰাটৰ ডনেট লাইফ সংস্থা৷ তেওঁলোকৰ প্ৰস্তাৱৰ প্ৰতি সহাঁৰি জনাই পৰিয়ালৰ লোকেও অংগ দান কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে৷ পৰিয়ালৰ অনুমতিৰ ভিত্তিত মৃত যুৱক দুজনৰ লিভাৰ, কিডনী, শ্বাসযন্ত্ৰ আৰু চকু আদি ১২ গৰাকী ব্যক্তিৰ শৰীৰত সংৰোপন কৰা হয়৷ ২৪ আগষ্টত মৃত ক্ৰীচ গান্ধীৰ জন্মদিন আছিল৷ জন্মদিন উদযাপন কৰিবলৈ গৈ ঘৰলৈ উভতি অহাৰ বাটতে এখন বাহনে খুন্দিয়াই গুৰুতৰভাৱে আহত কৰে দুয়োজন ছাত্ৰক৷ চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাছত চিকিৎসকে দুয়োকে ‘ব্ৰেইন ডেড’ ঘোষণা কৰে৷ সম্প্ৰতি বাহনখনৰ চালকক আৰক্ষীয়ে আটক কৰিছে৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ