অসম লাইভ ২৪ঃ মহানগৰীৰ উজান বজাৰত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড৷ ভাৰাঘৰৰ কোঠাত দুৰ্বৃত্তই হত্যা কৰে এগৰাকী কিশোৰীক৷ মৃত কিশোৰীগৰাকীৰ নাম ডিম্পল কোমাৱত৷ চুৰীৰে হানি, পটাগুটিৰে থেতালি, প্ৰেচাৰ কুকাৰেৰে কোবাই নৃশংসভাৱে হত্যা কৰে কিশোৰীগৰাকীক৷ গুৱাহাটী ক্লাৱৰ এঞ্জেলছ্ অৱ গডৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী আছিল ডিম্পল৷ ঘৰত কোনো নথকা সময়ত সুযোগ বুজি সংঘটিত কৰে হত্যাকাণ্ডটো৷ ডিম্পলৰ মাতৃ-পিতৃ উজান বজাৰত এখন ৰেষ্টুৰেন্টৰ গৰাকী৷ জীয়ৰীক ঘৰত থৈ পুৱা ৰেষ্টুৰেণ্টলৈ ওলাই গৈছিল ডিম্পলৰ পিতৃ-মাতৃ৷ দিনৰ প্ৰায় ১২ মান বজাত জেঠায়েকে প্ৰত্যক্ষ কৰে ডিম্পলৰ মৃতদেহটো৷ জেঠায়েকৰ ভাষ্য অনুসৰি তেওঁ উপস্থিত হোৱাৰ সময়ত ঘৰৰ দুৱাৰ খোলা আছিল৷ ডিম্পলৰ দেহৰ বিভিন্ন অংশত ছুৰীৰ আঘাত স্পষ্ট৷ লগতে প্ৰেছাৰ কুকাৰ আৰু পটাগুটিৰেও মূৰত প্ৰহাৰ কৰিছিল হত্যাকাৰীয়ে৷ কি কাৰণত সপ্তম শ্ৰেণীৰ ছাত্ৰী গৰাকীক হত্যা কৰা হ’ল, সেই কথা এতিয়াও জানিব পৰা হোৱা নাই৷ ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ