অসম লাইভ ২৪ঃ NHPCৰ বিৰুদ্ধে পুনৰ সৰৱ বিভিন্ন দল-সংগঠন৷ নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্প সন্দৰ্ভত সংবাদমেল সম্বোধন অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ৷ গেৰুকামুখৰ নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পই ভাবুকি কঢ়িয়াইছে উজনি অসমলৈ৷ উজনি অসমৰ বহু ঠাই সম্প্ৰতি বানপানীৰ কৱলত৷ জলবিদ্যুৎ প্ৰকল্পৰ ৫ টা সুৰংগৰ এটা সুৰংগত মাটি খহি পৰাৰ ফলত দুদৰ্শাত ভূগিছে চুবুৰীয়া অঞ্চলৰ ৰাইজে৷ পূৰ্বে অমিত শ্বাহ আৰু ৰাজনাথ সিঙে জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ হ’ব বুলি ৰাইজক আশ্বাস দিছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই প্ৰশাসনে৷ লকডাউন আৰু সান্ধ্য আইনৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি প্ৰকল্পৰ কাম দ্ৰুতগতিত আগবঢ়াইছে NHPC কৰ্তৃপক্ষই৷ এই সন্দৰ্ভত AJYCP য়ে ৩ ছেপ্টেম্বৰত লখিমপুৰ, ধেমাজি, মাজুলী আৰু বিশ্বনাথ জিলাত ধৰ্মঘট কাৰ্যসূচীৰ আহ্বান কৰিছে৷ ৬ ছেপ্টেম্বৰত উপায়ুক্তৰ কাৰ্য্যালয়ৰ সমুখত ধৰ্মঘট কাৰ্যসূচী, ৭ আৰু ৮ ছেপ্টেম্বৰত লখিমপুৰ, ধেমাজি, মাজুলী আৰু বিশ্বনাথত গণ স্বাক্ষৰ আৰু মতামত গ্ৰহণ কাৰ্যসূচী, ১১ ছেপ্টেম্বৰত গুৱাহাটীত ৰাইজমেল আৰু ১৬ ছেপ্টেম্বৰৰ পৰা সৰ্বাত্মক ৰূপত পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিব AJYCP য়ে৷ পূৰ্বেও NHPC ৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল যদিও কোনো কাণসাৰ দিয়া নাই চৰকাৰ তথা NHPC কৰ্তৃপক্ষই৷ NHPC য়ে গোপন কৰি ৰাখিছে সুৰক্ষা দেৱাল খহি যোৱা প্ৰসংগও৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ