গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ’ল দুই কিশোৰ, মেট্ৰিক উত্তীৰ্ণ হৈছিল হে
ৰাজ্যত দুই ফুল কুমলীয়া কিশোৰৰ সৈতে শোকাৱহ ঘটনা । অকালতে শেষ হ’ল অমিত চৌধুৰী আৰু কাৰ্তিক তালুকদাৰ নামৰ দুই কিশোৰৰ জীৱন।
বৰপেটাৰ বহৰিত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা। দুই পুত্ৰ সন্তানক হেৰুৱাই দুই পৰিয়ালৰ মাজত লাগিছে হাহাকাৰ।
বহৰি চৌধুৰীপাৰাৰ অমিত চৌধুৰী আৰু মণ্ডলপাৰাৰ কাৰ্তিক তালুকদাৰ । আজি দুপৰীয়া একেলগে ব্ৰহ্মপুত্ৰত গা ধুবলৈ বুলি গৈছিল দুয়ো কিশোৰ।
গা ধুৱলৈ যাওতেই ব্ৰহ্মপুত্ৰৰ সোঁতত উটি গ’ল দুয়ো কিশোৰ। মেট্ৰিক পৰীক্ষাত কৃৰ্তিত্বৰে উত্তীৰ্ণ হৈ একাদশ শ্ৰেণীৰ ক্লাছ কৰা নহ’ল অমিত চৌধুৰীৰ। আনহাতে নৱম শ্ৰেণীৰ ছাত্ৰ কাৰ্তিক তালুকদাৰো নোহোৱা হৈ পৰে ব্ৰহ্মপুত্ৰৰ বুকুত।
অমিতে কেৰেলাত উচ্চতৰ মাধ্যমিকত নামভৰ্তি কৰি বৃহস্পতিবাৰে বহৰিৰ নিজা ঘৰলৈ উভতি আহিছিল। কিন্তু অকালতে নুমাই পৰে দুয়ো কিশোৰৰ জীৱনদীপ।
ব্ৰহ্মপুত্ৰত সন্ধানহীন দুই ছাত্ৰৰ সন্ধানৰ বাবে SDRFৰ জোৱান ঘটনাস্থলীত উপস্থিত হৈছে যদিও বৰপেটাৰ পৰা ডুবাৰু অহাৰ পিচতহে উদ্ধাৰ অভিযান আৰম্ভ কৰে। দুয়ো কিশোৰৰ সন্ধান এতিয়াও অব্যাহত আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ