নতুন বছৰৰ আৰম্ভণি, আজিৰে পৰা সলনি হৈ পৰিব বহু কেইটা দিশ, কিহত কিহত পৰিৱৰ্তন
আজি ২০২৫ চনৰ পহিলা জানুৱাৰী। আজিৰে পৰা সালসলনি হৈ পৰিব বহু কেইটা দিশ। পৰিবৰ্তন আনিব সাধাৰণ জনতাৰ দৈনন্দিন কামত। সুবিধা আৰু অসুবিধাৰে পৰিৱৰ্তন থাকিব কেইবাটাও দিশত।
নতুন বছৰৰ প্ৰথম দিনটোতে হ্ৰাস পালে চিলিণ্ডাৰৰ দাম।
নতুন বছৰৰ শুভেচ্ছা হিচাপে IOCLএ হ্ৰাস কৰিলে চিলিণ্ডাৰৰ দাম।
প্ৰতিটো গেছ চিলিণ্ডাৰৰ দাম ১৪.৫০-১৬ টকালৈ হ্ৰাস।
দেশজুৰি ১৪.৫০-১৬ টকালৈ হ্ৰাস বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম।
অৱশ্যে এয়া ঘৰুৱা চিলিণ্ডাৰৰ ক্ষেত্ৰত নহয়, বাণিজ্যিক চিলিণ্ডাৰৰ ক্ষেত্ৰতহে মূল্য হ্ৰাস। প্ৰতিখন জিলাত ১৯ কিলোগ্ৰামৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম হ্ৰাসৰ সিদ্ধান্ত।
দাম হ্ৰাসৰ পাছত গুৱাহাটীত বাণিজ্যিক চিলিণ্ডাৰ নতুন দাম ২০১৭ টকা।
আনহাতে আজিৰে পৰা ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব নতুন আঁচনিৰ সুবিধা।
লাখ লাখ লোকে লাভ কৰিব নতুনকৈ ৰেচনকাৰ্ড
অৰুণোদয় আঁচনিৰ ধন লাভ নকৰা মহিলাই নতুন পদ্ধতিৰে লাভ কৰিব ধন
আজিৰে পৰা আৰম্ভ অন্ন সেৱা সপ্তাহ
শীঘ্ৰেই সংগ্ৰহ কৰক ৰেচনৰ সামগ্ৰী
ৰেচনকাৰ্ড থাকিলেই পাব প্ৰতিমাহে ১২৫০ টকা
ৰেচন কাৰ্ড থাকিলেই লাভ কৰিব সকলো আঁচনিৰ সুবিধা
প্ৰয়োজন নাই কোনো অইন নথিৰ
নালাগে আয়ৰ প্ৰমান পত্ৰ, গাঁও বুঢ়াৰ পৰা আনিব নালাগে প্ৰমান পত্ৰ
অৰুণোদয়ৰ বাবে কেৱল ৰেচনকাৰ্ডেই যথেষ্ট
ৰেচনকাৰ্ড থাকিলে কলেজত লাভ কৰিব বিনামূলীয়া নামভৰ্তি
ৰেচনকাৰ্ডত দাইল আৰু চেনিও লাভ কৰিব
বজাৰতকৈ কম দামত লাভ কৰিব দাইল আৰু চেনি
অৰুণোদয়ৰ ধনো ৰেচন কাৰ্ড থকা সকলোৱে লাভ কৰিব
এতিয়াৰে পৰা ৰেচন কাৰ্ডেই হ’ব মুখ্য প্ৰমাণপত্ৰ
ৰেচন কাৰ্ড থাকিলে প্ৰয়োজন নাই গাঁওবুঢ়াৰ বা মৌজাদাৰৰ প্ৰমাণ পত্ৰৰ
ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পাব কেইবাটাও সুবিধা
অৰুণোদয় আঁচনিৰ ধন পাবলৈও হাতত লাগিব ৰেচন কাৰ্ডখন
মুখ্যমন্ত্ৰীৰ নতুন ঘোষণাৰ পাছতেই উৎফুল্লিত হৈ পৰিছে সকলো।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ