বৈদিক জ্যোতিষৰ হিচাপ অনুসৰি প্ৰতিটো গ্ৰহই নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে এক ৰাশি এৰি অন্য ৰাশিত গোচৰ কৰে৷ ইয়াৰ ওপৰিও বিভিন্ন গ্ৰহই কেতিয়াবা বক্ৰীদশালৈ যায়৷ আকৌ কেতিয়াবা মাৰ্গী চলনলৈকো আহে৷ নিজৰ কক্ষপথ এৰি যেতিয়া কোনো গ্ৰহই উলোটাকৈ যাবলৈ আৰম্ভ কৰে তেতিয়া গ্ৰহৰ বক্ৰীদশা বা বিপৰীতমুখী দশা বুলি কোৱা হয়৷ আকৌ গ্ৰহৰ চিধা চলনক কোৱা হয় গ্ৰহৰ মাৰ্গীদশা৷
আগন্তুক বছৰত চাৰিটা গ্ৰহই বক্ৰীদশাত যাব৷ ২০২৫ চনত যি চাৰিটা গ্ৰহৰ বিপৰীতমুখী চলন হ’ব সেইসমূহ হৈছে বুধ, বৃহস্পতি, শুক্ৰ আৰু শনি৷ গ্ৰহৰ ওলোটাকৈ যাত্ৰা আৰম্ভ হ’লে তাৰ প্ৰভাৱ পৰে কিছু কিছু ৰাশিৰ ওপৰত৷ ২০২৫ চনত বুধ, বৃহস্পতি, শুক্ৰ আৰু শনিৰ বক্ৰী চলন আৰম্ভ কৰিলে তাৰ প্ৰভাৱত প্ৰচুৰ সৌভাগ্য লাভ কৰিব পাঁচ ৰাশিৰ জাতকে৷ জানি থওক চাৰি গ্ৰহৰ বক্ৰী চলনৰ ফলত ২০২৫ত লাভবান হ’ব কোন কোন ৰাশিৰ জাতক?
কৰ্কট ৰাশি
বুধ, বৃহস্পতি, শুক্ৰ আৰু শনিৰ দৰে শক্তিশালী গ্ৰহৰ শুভ প্ৰভাৱ লক্ষ্য কৰা যাব কৰ্কট ৰাশিৰ জাতকৰ ওপৰত৷ আগন্তুক বছৰত ব্যৱসায়ত প্ৰচুৰ লাভ কৰিব পাৰিব এই ৰাশিৰ জাতকে৷ নতুন কোনো প্ৰকল্পত কাম আৰম্ভ কৰিব পাৰে আপুনি৷ সন্মুখৰ বছৰত আপোনাৰ ব্যক্তিত্বৰ বিকাশ হ’ব আৰু আত্মবিশ্বাসৰ জোৰত সকলো কামতেই জয়ী হ’ব আপুনি৷ ২০২৫ত কৰ্কট ৰাশিৰ জাতকৰ স্বাস্থ্য ভালে থাকিব আৰু খেলাধুলাৰ প্ৰতি আগ্ৰহ বাঢ়িব৷
বৃশ্চিক ৰাশি
বুধ, বৃহস্পতি, শুক্ৰ আৰু শনিৰ বক্ৰীদশাত বৃহৎ লাভ হ’ব বৃশ্চিক ৰাশিৰ জাতকৰ৷ পুৰণি কোনো বিনিয়োগৰ পৰা এই সময়ত বৃহৎ আৰ্থিক লাভৰ যোগ আছে৷ ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হ’ব৷ নতুন বাহন বা অন্য কোনো সম্পত্তি কিনিব পাৰে৷ উপাৰ্জনৰ একাধিক পথ আপোনাৰ সন্মুখত খুলি যাব৷ প্ৰতিযোগিতামূলক পৰীক্ষাত সাফল্য পোৱাৰ যোগ আছে৷
মকৰ ৰাশি
চাৰি গ্ৰহৰ বক্ৰী চলনৰ প্ৰভাৱত নতুন বছৰত কোনো সুখবৰ পাব পাৰে মকৰ ৰাশিৰ জাতকে৷ যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকে নতুন চাকৰি পাব পাৰে৷ যিসকলে ইতিমধ্যেই কৰ্মৰত, তেওঁলোকে আৰু ভাল চাকৰি পাব পাৰে৷ সন্মুখৰ বছৰত নতুন কোনো বাহন বা দোকান ঘৰ কিনিব পাৰে৷ কৰ্মক্ষেত্ৰত কোনো ডাঙৰ কামৰ দায়িত্ব পাব পাৰে মকৰ ৰাশিৰ জাতকে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ