জ্যোতিষশাস্ত্ৰ অনুসৰি যেতিয়া গ্ৰহৰ গতি পৰিবৰ্তন হয়, মানুহৰ জীৱনত ইয়াৰ গভীৰ প্ৰভাৱ পৰে৷ গ্ৰহৰ গোচৰৰ শুভ প্রভাৱে ব্যক্তিৰ সমস্ত সমস্যাৰ সমাধান কৰে৷ আৰু অশুভ প্ৰভাৱত হাঁহি থকা জীৱনতো শোকৰ ছায়া নামি আহিব পাৰে৷ সেই কাৰণেই গ্ৰহ গোচৰৰ ওপৰত ভাগ্য বহু পৰিমানে নিৰ্ভৰ কৰে৷ আগন্তুক বছৰ ২০২৬ৰ প্ৰথম মাহ, জানুৱাৰীত ৪টা ডাঙৰ গ্ৰহ মঙ্গল, বুধ, শুক্ৰ আৰু সূৰ্যৰ গোচৰ চলিব৷ জানি থওক আপোনাৰ ৰাশিৰ ওপৰত ইয়াৰ কি প্ৰভাৱ পৰিব?
২০২৬ চনৰ জানুৱাৰী মাহত কি কি গ্ৰহে গোচৰ কৰিছে?
শুক্ৰ গোচৰ ২০২৬ চন- ১৩ জানুৱাৰী পুৱা ৪.০২ মিনিটত শুক্ৰই মকৰ ৰাশিত প্ৰৱেশ কৰিব৷ ই শনিৰ ৰাশি৷ শুক্ৰ আৰু শনি গ্ৰহৰ মাজত মিত্ৰতা আছে বুলি ধাৰণা কৰা হয়৷
সূৰ্য গোচৰ ২০২৬চন- গ্ৰহৰ ৰজা সূৰ্যই ১৪ জানুৱাৰী ২০২৬ৰ দুপৰীয়া ৩.১৩ মিনিটত মকৰ ৰাশিত প্ৰৱেশ কৰিব৷ এই দিনটোতেই মকৰ সংক্ৰান্তি পালিত হব৷
মঙ্গল গোচৰ ২০২৬ চন- গ্ৰহৰ সেনাপতি মঙ্গলে ১৬ জানুৱাৰী ২০২৬ৰ পুৱা৪.৩৬ মিনিটত মকৰ ৰাশিত গোচৰ কৰিব৷ মকৰ ৰাশিত মঙ্গল উচ্চ অৱস্থানত থাকে সেয়ে মকৰ ৰাশিৰ জাতকে বিশেষ লাভ কৰিব পাৰে৷
বুধ গোচৰ ২০২৬- গ্ৰহৰ ৰাজকুমাৰ বুধে ১৭ জানুৱাৰী ২০২৬ত পুৱা ১০.৩৭ মিনিটত মকৰ ৰাশিত প্ৰৱেশ কৰিব৷ ইয়াত ইতিমধ্যেই মঙ্গলে অৱস্থান কৰিব৷
মকৰ ৰাশিত ৪ গ্ৰহৰ মহাযোগ
১৭ জানুৱাৰীৰ পাছত মকৰ ৰাশিত ৪টা গ্ৰহৰ মিলনত চতুৰ্গ্ৰহী যোগ গঠিত হব৷ এই চতুৰ্গ্ৰহী যোগ সূৰ্য, শুক্ৰ, মঙ্গল, বুধৰ মিলনত গঠিত হব৷ এই যোগৰ কাৰণে কিছু ৰাশিৰ জাতকে ভাল লাভ পোৱাৰ সম্ভাৱনা আছে৷
জানুৱাৰী ২০২৬ ত কোন কোন ৰাশিৰ ভাগ্য খুলিব পাৰে?
মকৰ ৰাশি
মকৰ ৰাশিৰ জাতকৰ বাবে নতুন বছৰৰ প্ৰথম মাহ আশীৰ্বাদতকৈ কম নহয়৷ নতুন কাম আৰম্ভ কৰাৰ বাবে এই সময় অনুকূল হব৷ বিনিয়োগৰ পৰা লাভ হব পাৰে৷ চাকৰিত আপোনাৰ কামৰ প্ৰশংসা কৰা হব৷ ব্যৱসায়ত গ্ৰাফ ওপৰলৈ যাব৷ পাৰিবাৰিক জীৱন সুখৰ হব আৰু অবিবাহিত ব্যক্তিয়ে বিবাহৰ প্ৰস্তাৱ পাব পাৰে৷
মেষ ৰাশি
মেষ ৰাশিৰ বাবে নতুন বছৰে আনন্দ কঢ়িয়াই আনিব৷ জানুৱাৰীত গ্ৰহৰ মহাযোগ আপোনাৰ পেছাগত জীৱনত লাভ হব, নতুন প্ৰকল্পত আগবাঢ়িব পাৰে৷ চাকৰিত ভাল অফাৰ আহিব৷ আৰ্থিক পৰিস্থিতি পূৰ্বতকৈ ভাল হব৷
বৃষ ৰাশি
আয়ৰ নতুন উৎস তৈয়াৰ হব৷ ভাগ্যৰ ভাল সংগ পাব৷ শুভ সংবাদ পোৱা যাব৷ যিসকলে চাকৰি কৰে তেওঁলোকে কৰ্মক্ষেত্ৰত ডাঙৰ সুবিধা পাব পাৰে৷ আপোনাৰ অপূৰ্ণ ইচ্ছা পূৰণ হব৷ এই সময়ত আপুনি শ্বেয়াৰ বজাৰৰ পৰা ভাল লাভ পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















