আগন্তুক বছৰ ২০২৬ চন বিৰল শুভ যোগৰ মাধ্যমেৰে আৰম্ভ হৈছে৷ ১ জানুৱাৰী ২০২৬ত পালিত হব প্ৰদোষ ব্ৰত৷ ইয়াৰোপৰি থাকিব ৰোহিনী নক্ষত্ৰ, ৰবি যোগ আৰু শিৱবাস যোগ৷ বৃষ ৰাশিত বছৰৰ প্ৰথম দিনাই এইসমূহ শুভ যোগ থাকিব৷ ইয়াতেই শেষ নহয়, ইয়াৰোপৰি ২০২৬ৰ প্ৰথম দিনা থাকিব মঙ্গলাদিত্য ৰাজযোগ, বুধাদিত্য ৰাজযোগ আৰু শুক্ৰাদিত্য ৰাজযোগ৷ মকৰ ৰাশিত সূৰ্য, বুধ, শুক্ৰ আৰু মঙ্গলৰ যুঁটিৰ কাৰণে একেলগে এইসমূহ ৰাজযোগ গঠিত হব৷
উল্লেখযোগ্য বিষয় হৈছে শনিৰ ৰাশি মকৰত একেলগে এই তিনিটা ৰাজযোগ গঠিত হব৷ সূৰ্যৰ সৈতে অন্য গ্ৰহৰ মিলনত এইসমূহ ৰাজযোগ গঠিত হোৱাৰ ওপৰিও এই কথা উল্লেখ কৰা জৰুৰী যে ২০২৬ হৈছে সূৰ্যৰ বছৰ৷ তিনিটা ৰাজযোগৰ ওপৰিও শনিৰ ৰাশিত থাকিব চতুৰ্গ্ৰহী যোগৰ প্ৰভাৱ৷ জ্যোতিষ গণনাই কৈছে বছৰৰ আৰম্ভণিতেই এইসমূহ শুভ যোগৰ প্ৰভাৱত লাভৱান হব তিনি ৰাশিৰ জাতক৷ জানি থওক এই তালিকাত কোন কোন আছে?
বৃষ ৰাশি
২০২৬ৰ আৰম্ভণিতেই একাধিক ৰাজযোগৰ শুভ প্ৰভাৱ পাব বৃষ ৰাশিৰ জাতকে৷ এই সময়ত আপোনাৰ জীৱনত সোনালী সময় থাকিব৷ উপাৰ্জন প্ৰচুৰ বাঢ়িব৷ বিদেশ যাত্ৰা হব পাৰে৷ কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ বাবে এই সময় শুভ৷ বিনিয়োগ কৰিলেও লাভৱান হব৷ আপোনাৰ মনৰ দীৰ্ঘদিনৰ কোনো ইচ্ছা পূৰণ হব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















