দুৰ্যোগৰ মাজতেই সন্তান প্ৰসৱ কৰিছে ২২০০তকৈ বেছি মহিলাই৷ ওড়িশাৰ উপকূলত ডানাই তাণ্ডৱলীলা চলাই থকাৰ সময়তে ওড়িশাত জন্ম হৈছে প্ৰায় ২২০০শিশুৰ৷ প্ৰত্যেকটো শিশুৰ স্বাস্থ্যই বৰ্তমান সুস্থ বুলি জনাইছে ওড়িশা ৰাজ্যিক চিকিৎসা বিভাগে৷
ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে সদ্যোজাত আৰু মাতৃসকলক অভিনন্দন জনাইছে৷ ইয়াৰমাজতেই ১৮ টা যমজ সন্তান জন্ম হৈছে৷ ঘূৰ্ণিবতাহ অহাৰ পূৰ্বে প্ৰায় ৬লাখ মানুহক ৬০০৮টা আশ্ৰয় শিৱিৰত ৰখা হৈছে৷ তেওঁলোকৰ মাজত আছিল ৪,৮৫৯ গৰাকী প্ৰসূতি৷ স্বাস্থ্য বিভাগে জনাইছে যে তেওঁলোতক মাজত আছিল পৃথক ব্যৱস্থা৷ তাতেই ২২০১ গৰাকী প্ৰসুতিয়ে জন্ম দিছে সন্তান৷ এই শিশুসকলৰ ভিতৰত ১৮৫৮টা শিশু স্বাভাৱিকভাৱে জন্ম হৈছে আৰু ৩৪৩ টা শিশু ছিজাৰিয়ান প্ৰক্ৰিয়াৰে জন্ম হৈছে৷
কেইবাটাও যমজ সন্তানো জন্ম হৈছে ওড়িশাত৷ ইয়াৰ মাজতেই গঞ্জাম জিলাৰ উৰ্বসী নাহকো এই সময়তেই মাতৃ হৈছে৷ ঘূৰ্ণিবতাহ চলি থকাৰ সময়তেই যমজ সন্তানৰ জন্ম দিছে এইগৰাকী নাৰীয়ে৷ তেওঁ ডানাৰ সময়তে শিশুকেইটি জন্ম হোৱাৰ বাবে পুত্ৰ সন্তানৰ নাম ডানা ৰখাৰ বিপৰীতে কন্যা সন্তানৰ নাম দিছে ডানাবতী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ