আগন্তুক সোমবাৰ ২৩ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব ২০২৪ চনৰ শেষ সপ্তাহ৷ এই সময়ত নিজৰ ৰাশি কুম্ভত অৱস্থান কৰিছে শনিয়ে৷ ইয়াৰ ফলত গঠিত হৈছে শ শ ৰাজযোগ৷ জ্যোতিষ গণনাই কৈছে যে বছৰৰ শেষ সপ্তাহত শনিৰ আশীৰ্বাদ লাভ কৰিব পাঁচ ৰাশিৰ জাতকে৷ কৰ্মফলৰ দেৱতাৰ কৃপাৰ ফলত এওঁলোকে কেৰিয়াৰত উন্নতি কৰিব৷ এই বছৰৰ শেষ সপ্তাহত আৰ্থিকভাৱেও লাভ কৰাৰ সুযোগ পাব৷ জানি থওক জ্যোতিষ গণনা অনুসৰি ২৩ৰ পৰা ২৯ডিচেম্বৰৰ ভিতৰত সকলোতকৈ সৌভাগ্যশালী হ’ব কোন কোন ৰাশিৰ জাতক৷
বৃষ ৰাশি
বৃষ ৰাশিৰ জাতকৰ বাবে বছৰৰ শেষ সপ্তাহত সুসময় আৰম্ভ হ’ব৷ বিশেষকৈ কেৰিয়াৰত এই সময়ত প্ৰচুৰ উন্নতি কৰাৰ সুযোগ পাব আপুনি৷ শনিৰ কৃপাত যি কামত হাত দিয়ে তাতেই সাফল্য পাব আপুনি৷ আৰ্থিক অৱস্থাও পূৰ্বতকৈ উন্নত হ’ব৷ বৃষ ৰাশিৰ জাতকৰ কেৰিয়াৰত বেছ কিছু পজিটিভ পৰিবৰ্তন আহিব পাৰে৷
মিথুন ৰাশি
২৩ৰ পৰা ২৯ ডিচেম্বৰৰ ভিতৰত এই সপ্তাহত শুভ সময় আহিব মিথুন ৰাশিৰ জাতকৰ বাবে৷ এই সময়ত শ শ ৰাজযোগৰ প্ৰভাৱত নিজৰ লক্ষ্য অৰ্জন কৰাত সক্ষম হ’ব আপুনি৷ নানান সূত্ৰৰ পৰা অৰ্থ উপাৰ্জন কৰিব পাৰিব মিথুন ৰাশিৰ জাতকৰ৷ কেৰিয়াৰত কোনো বিশেষ সন্মান পাব পাৰে৷ এই মাহত কিছু ভাৱিচিন্তি খৰচ কৰক৷
কৰ্কট ৰাশি
বছৰৰ শেষ সপ্তাহৰ প্ৰতিটো দিন লাভজনক হ’ব কৰ্কট ৰাশিৰ জাতকৰ বাবে৷ শুভ যোগৰ প্ৰভাৱত এই সপ্তাহত কৰ্মক্ষেত্ৰত খুব ভাল পৰিস্থিতি তৈয়াৰ হ’ব৷ অফিচৰ ঊৰ্ধতন কৰ্তৃপক্ষৰ সৈতে সম্পৰ্ক ভাল হ’ব আপোনাৰ৷ অফিচত আপোনাৰ কাম আৰু ব্য্যৱহায়ে সকলোৰে মন জয় কৰিব৷ কেৰিয়াৰত বহু উন্নতি কৰিব পাৰিব কৰ্কট ৰাশিৰ জাতকে৷
তুলা ৰাশি
তুলা ৰাশিৰ জাতকৰ বাবে আশীৰ্বাদৰ ৰূপ হৈ আহিব ২০২৪ চনৰ শেষ সপ্তাহ৷ শনিৰ কৃপাত এই মাহত অফিচত পদোন্নতি হ’ব পাৰে৷ পছন্দমতে কোনো স্থানত চাকৰিও পাব পাৰে তুলা ৰাশিৰ জাতকে৷ এই সময়ত আৰ্থিক পৰিস্থিতি বহু উন্নত হ’ব৷ মনৰ কোনো ইচ্ছাও পূৰণ হ’ব পাৰে৷
কুম্ভ ৰাশি
বছৰৰ শেষ সপ্তাহত শুভ সময় কটাব কুম্ভ ৰাশিৰ জাতকে৷ শ শ ৰাজযোগৰ প্ৰভাৱত এই সময়ত আপোনাৰ কেৰিয়াৰৰ সকলো সমস্যা দূৰ হ’ব৷ ব্যৱসায়ত লাভ বাঢ়িব কুম্ভ ৰাশিৰ জাতকে৷ বিদেশ যাত্ৰা কৰিব পাৰে৷ এই সময়ত আপোনাৰ সপোনৰ চাকৰি পাব পাৰে৷ আৰ্থিক পৰিস্থিতিত উন্নতিৰ জোৱাৰ আহিব কুম্ভ ৰাশিৰ জাতকৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ