২৫ জুলাই ২০২৪ বৃহস্পতিবাৰে চন্দ্ৰই শনিৰ ৰাশি কুম্ভ ত্যাগ কৰি বৃহস্পতিৰ ৰাশি মীনত প্ৰৱেশ কৰিব৷ বৃহস্পতিবাৰে শাওনৰ কৃষ্ণা চতুৰ্থী তিথি৷ বৈদিক পঞ্জিকা অনুসৰি মহাদেৱৰ প্ৰিয় শাওন মাহৰ সৈতে চলি আছে চতুৰ্থমাহো৷ এই চাৰিমাহ যোগনিদ্ৰাত থাকে বিষ্ণু৷ বৃহস্পতিবাৰ হিন্দু ধৰ্মত নাৰায়ণৰ প্ৰিয় দিন৷ বৃহস্পতিবাৰক বহুতে লক্ষ্মীবাৰ বুলিও কয়৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব গুৰু মঙ্গল যোগ, শোভন যোগ আৰু শুক্ৰাদিত্য যোগক শুভ প্ৰভাৱ৷ ইয়াৰোপৰি কাইলৈ পূৰ্বভাদ্ৰপদ নক্ষত্ৰ৷ এইসমূহ যোগৰ প্ৰভাৱত কাইলৈৰ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কেইটামান ৰাশিৰ জীৱনলৈ আহিব প্ৰচুৰ সাফল্য৷
মিথুন ৰাশি
শুক্ৰাদিত্য যোগৰ শুভ প্ৰভাৱত আৰ্থিক পৰিস্থিতিত বৃহৎ উন্নতি আহিব মিথুন ৰাশিৰ জাতকৰ জীৱনলৈ৷ আপুনি নিজৰ সম্পদ বৃদ্ধিৰ সুযোগ পাব৷ নিজৰ ব্যৱসায় বঢ়োৱাৰ বাবে নতুন নতুন পৰিকল্পনা আপোনাৰ মূৰত আহিব৷ সামাজিক কামৰ সৈতে যুক্ত হৈ জনপ্ৰিয়তা বাঢ়িব৷ নাৰায়ণৰ আশীৰ্বাদত নিজত অসাধু অভ্যাসৰ পৰা মুক্তি পাব৷
কৰ্কট ৰাশি
বৃহস্পতিবাৰে মা লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব কৰ্কট ৰাশিৰ জাতকে৷ আপোনাৰ ঘৰত কোনো শুভ অনুষ্ঠান আয়োজিত হ’ব পাৰে৷ দিনজুৰি আপোনাৰ পৰিয়ালত আনন্দৰ পৰিবেশ বৰ্তি থাকিব৷ কৰ্কট ৰাশিৰ ব্যৱসায়ীয়ে কাইলৈ আৰ্থিক লাভ কৰিব পাৰে৷ কাৰ্যালয়ৰ সহকৰ্মীসকলৰ পৰা সহায় লাভ কৰিব৷ ব্যৱসায়ত উন্নতি হ’ব৷ জীৱনত প্ৰেম বাঢ়িব৷
কন্যা ৰাশি
শুক্ৰাদিত্য যোগৰ শুভ প্ৰভাৱত বৃহস্পতিবাৰে সকলো কামতে প্ৰচুৰ এনাৰ্জি বোধ কৰিব কন্যা ৰাশিৰ জাতকে৷ উৎসাহ আৰু আত্মবিশ্বাস থাকিব আপোনাৰ মাজত৷ নতুন কোনো কামত হাত দিলে সেই কামত সাফল্য লাভ কৰিব পাৰিব৷ পৰিয়ালৰ সদস্যৰ পৰা কোনো সুখবৰ পাব পাৰে৷ সমাজত কাইলৈ প্ৰতিপত্তি আৰু জনপ্ৰিয়তা বৃদ্ধি পাব কন্যা ৰাশিৰ জাতকৰ৷
বৃশ্চিক ৰাশি
গুৰু মঙ্গল যোগৰ প্ৰভাৱত কোনো সম্পত্তি বা দামী উপহাৰ লাভ কৰিব পাৰে বৃশ্চিক ৰাশিৰ জাতকে৷ নিজৰ আৰ্থিক অৱস্থা কাইলৈ উন্নত কৰাৰ সুযোগ পাব৷ ব্যৱসায়ত নতুন কোনো প্ৰকল্প হাতত ল’ব পাৰে৷ কাইলৈ যি কামেই কৰক তাতেই সৌভাগ্য লাভ কৰিব বৃ্শ্চিক ৰাশিৰ জাতকে৷
ধনু ৰাশি
ধনু ৰাশিৰ জাতকে যদি চাকৰি সলনিৰ চেষ্টা কৰে তেন্তে আপোনাৰ সেই ইচ্ছা পূৰণ হ’ব পাৰে৷ ধনু ৰাশিৰ জাতকৰ ছাত্ৰ-ছাত্ৰীয়ে কাইলৈ কোনো পৰীক্ষাত বৃহৎ সাফল্য লাভ কৰিব৷ নতুন বাহন, ঘৰ বা মাটি ক্ৰয়ৰ সুযোগ আপোনাৰ সন্মুখলৈ আহিব৷ কাইলৈ আপুনি সঠিক পৰিকল্পনাৰে আগুৱাই যাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ