কেৰালত দলিত কিশোৰীৰ সৈতে ভাবিব নোৱাৰা কাণ্ড, ২৭ গ্ৰেপ্তাৰ, ১৪ ন্যায়িক জিম্মালৈ
এইখন ভাৰতৰে এক অতিকে ভয়াৱহ ঘটনা পোহৰলৈ আহিছে। এগৰাকী কিশোৰীৰ সৈতে সংঘটিত হৈছে ভাবিব নোৱাৰা কাণ্ড। এজন দুজন নহয়, ১৩ বছৰ বয়সতে ৬২ গৰাকীকৈ পাষণ্ডৰ কামনাৰ বলি হৈছে কিশোৰী।
ঘটনা পোহৰলৈ অহাৰ পাছতে তদন্তত ২৭ গৰাকীকৈ অভিযুক্তক আটক কৰাৰ লগতে ১৪ গৰাকীক ন্যায়িক জিম্মাত ৰখা হৈছে। কেৰালাৰ পাঠানমথিত্তাত এগৰাকী দলিত কিশোৰীৰ সৈতে সংঘটিত হৈছে এই ঘটনা।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, বৰ্তমানে ১৮ বছৰীয়া দলিত যুৱতী গৰাকী বিগত ৫ বছৰে ধৰি ১৩ বছৰ বয়সৰ পৰাই বহু কেইগৰাকী লোকৰ কামনাৰ বলি হৈ আহিছে।
১৩ বছৰ বয়সত ঘৰৰ ওচৰৰে এগৰাকীয়ে যৌন নিৰ্যাতন চলাই ভিডিঅ’ কৰি ৰাখি পাছত সেই ভিডিঅ’ ভাইৰেল কৰি দিয়াৰ ভাবুকিৰে কেইবাৰো নিজৰ অভিষ্ট সিদ্ধি কৰায়। লগতে ভাইৰেলো কৰি দিয়ে সেই ভিডিঅ’ ।
যাৰ বাবে বহু লোকৰে মোবাইলে মোবাইলে উপলব্ধ হয় সেই ভিডিঅ’। পাছলৈ সেই সকলো লোকেও কিশোৰীক ভিডিঅ’ৰ ভয় ভাবুকি দি নিজৰ কামনা শান্ত কৰে।
বিদ্যালয়ৰ শিক্ষক, প্ৰশিক্ষক, সহপাঠী সকলেও আনকি ৰেহাই নিদিয়ে কিশোৰীক। মাথো ২ বছৰৰ ভিতৰতে ৬২ গৰাকীকৈ লোকৰ কামনাৰ বলি হয় কিশোৰী।
অৱশেষত আৰক্ষীৰ কাষ চপাতহে পোহৰলৈ আহে সমস্ত ঘটনা। লগে লগে আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি বহু কেইগৰাকী লোকক আটক কৰিবলৈ সক্ষম হয়। ইয়াৰ ভিতৰত আছে কেইবাগৰাকী কিশোৰো।
২০২৪ চনৰ জানুৱাৰী মাহতো পাঠানমথিটা সাধাৰণ চিকিৎসালয়ত দলবদ্ধ ধৰ্ষণ হোৱা বুলিও আৰক্ষীয়ে জানিব পাৰে।আৰক্ষীয়ে তদন্তৰ অংশ হিচাপে বৈজ্ঞানিক প্ৰমাণ সংগ্ৰহ আৰু মোবাইল ফোন আৰু অন্যান্য সামগ্ৰী পৰীক্ষা কৰাত গুৰুত্ব আৰোপ কৰিছে।
বিশদ তদন্ত অব্যাহত আছে বুলি জিলা আৰক্ষী অধীক্ষকে জনায়। আনহাতে সকলো অভিযুক্তক তৎকালীনভাৱে গ্ৰেপ্তাৰ কৰিবলৈ আহ্বান জনাই ৰাষ্ট্ৰীয় মহিলা আয়োগে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ