আজি অৰ্থাৎ ১৯ মাৰ্চ ২০২৬ৰ পৰা আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি৷ কেইবাটাও শুভ যোগৰ মাজেৰে আৰম্ভ হৈছে এইবাৰৰ নৱৰাত্ৰি৷ এই নৱৰাত্ৰি কেইবাটও ৰাশিৰ বাবে শুভ হ’ব৷ এই নৱৰাত্ৰিত একেলগে আছে শুক্ল যোগ, ব্ৰহ্ম যোগ আৰু সৰ্বাৰ্থ সিদ্ধি যোগ৷ ফলস্বৰূপে এই নৱৰাত্ৰিত চাৰিটা ৰাশিৰ জীৱন দেৱী দুৰ্গাৰ আশীৰ্বাদত অত্যন্ত শুভ হব পাৰে৷ কাৰ কাৰ ভাগ্য খুলিব?
বৃষ ৰাশি
এই নৱৰাত্ৰি বৃষ ৰাশিৰ জাতকৰ বাবে সৌভাগ্যপূৰ্ণ দিন প্ৰমাণিত হব৷ আৰ্থিক অৱস্থাৰ উন্নতি হব পাৰে৷ কৰ্মজীৱনত উন্নতিৰ সুযোগ সৃষ্টি হব৷ নতুন চাকৰি বিচাৰিলে সফলতা পাব৷ ইচ্ছাসমূহ পূৰণ হ’ব আৰু ভৱিষ্যতে এক গুৰুত্বপূৰ্ণ চুক্তিও সম্পন্ন হব পাৰে৷ মানসিক চাপ কমিব আৰু আত্মবিশ্বাস বাঢ়িব৷ নৱৰাত্ৰিৰ৯দিন ধৰি তৰুণীৰ মাজত মিচিৰি দান কৰক সুখ লাভ কৰিব৷
মিথুন ৰাশি
নৱৰাত্ৰি মিথুন ৰাশিৰ জাতকৰ বাবে সাফল্যৰ দ্বাৰ খুলি দিব পাৰে৷ নতুন ব্যৱসায়িক চুক্তি চূড়ান্ত হ’ব পাৰে৷ জাতকে কৰ্মক্ষেত্ৰত নিজকে প্ৰমাণ কৰিবলৈ সক্ষম হব৷ ঊৰ্ধ্বতন কৰ্মকৰ্তাসকলৰ সমৰ্থন লাভ কৰিব৷ নতুন দায়িত্ব পাব পাৰে৷ বিভিন্ন উৎসৰ পৰা অৰ্থ উপাৰ্জনৰ সুযোগ পাব পাৰে৷ সমাজত সন্মান বৃদ্ধি পাব৷ নৱৰাত্ৰিৰ ৯ দিনেই দুৰ্গাচালিছা পাঠ কৰিলে উপকৃত হব৷
বৃশ্চিক ৰাশি
এই নৱৰাত্ৰিয়ে বৃশ্চিক ৰাশিৰ বাবে সৌভাগ্য কঢ়িয়াই আনিব৷ সৰ্বত্ৰতে সাফল্য অৰ্জন কৰিব পাৰে৷ শিক্ষাৰ্থীসকলৰ একাগ্ৰতা বাঢ়িব৷ সৃজনশীল ক্ষেত্ৰত জড়িতসকলে সাফল্য পাব পাৰে৷ পৰিয়ালত সামাজিক মৰ্যাদা বৃদ্ধি পাব৷ শাৰীৰিক শক্তি বাঢ়িব৷ দেৱী দুৰ্গাক ৰঙা ফুল অৰ্পন কৰিলে সুফল পাব৷
কন্যা ৰাশি
নৱৰাত্ৰিয়ে কন্যা ৰাশিৰ জাতকৰ বাবে শুভ ফল কঢ়িয়াই আনিব পাৰে৷ ব্যৱসায়ত সমৃদ্ধ হ’ব৷ প্ৰচুৰ লাভৰ সম্ভাৱনা আছে৷ কঠোৰ পৰিশ্ৰমৰ ফল পাব৷ জীৱনসংগীৰ সৈতে সম্পৰ্ক আৰু গভীৰ হব৷ বিবাহৰ প্ৰস্তাৱ আহিব পাৰে৷ নৱৰাত্ৰিৰ সময়ত ওম নমঃ দুৰ্গায়ে নমঃ মন্ত্ৰ জপ কৰিলে সুফল পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















