অসম লাইভ২৪ঃ স্বামী-স্ত্ৰীৰ সম্পৰ্ক ভালে ৰাখিবলৈ দুজনেই এফৰ্ট দিয়াটো জৰুৰী৷ পৰস্পৰক সন্মান কৰা, ভালপোৱা জীয়াই ৰাখিবলৈ এজনে আনজনৰ সকলো সময়ৰ সংগী হোৱাৰো খুবেই প্ৰয়োজন৷ দাম্পত্যত সুখৰ মাপকাঠিয়েই হৈছে বুজাপৰা৷ কিন্তু এই সকলোবোৰৰ মাজতেই বহু স্বামী-স্ত্ৰীৰ মাজত এতিয়া দূৰত্ব বাঢ়িবলৈ ধৰিছে৷ বহু মহিলাই অভিযোগ কৰে যে হঠাৎ তেওঁৰ স্বামীৰ মাজত কিছু পৰিবৰ্তন আহিছে৷ তেওঁৰ স্বামীয়ে তেওঁৰ সৈতে সম্পৰ্কত নিৰ্লিপ্ততা প্ৰকাশ কৰে৷ আনকি পত্নীৰ কোনো কথাতেই আগ্ৰহ প্ৰকাশ নকৰে৷
দূৰত্ব বঢ়াৰ প্ৰকৃত কাৰণ কি?
প্ৰত্যেক পুৰুষেই নিজৰ পত্নীক সুখত ৰাখিব বিচাৰে৷ তেওঁৰ সকলো সপোন পূৰণ কৰিবলৈ যত্ন কৰে৷ তাৰ বিপৰীতে পত্নীৰ পৰাও কিছু আশা কৰে স্বামীয়ে৷ কিন্তু সেই আশা বহুসময়ত ভংগ হয়, এইদৰে আশা ভংগ লৈ এসময়ত অভিমান বাঢ়ি যায়৷ এটা সময়ত সম্পৰ্কৰ প্ৰতিও নিৰ্লিপ্ত হৈ পৰে পুৰুষজন৷ মুখ খুলি একো নকলেও মনে মনে দুখ পায়৷ বহু পত্নীয়ে নিজৰ ভুল বুজি পায়৷ নিবিচৰাকৈয়ো কেতিয়াবা ভুল পথত ভৰি দিয়ে স্বামীজনে৷ আপুনিও সেই একেই ভুলেই কৰি আছে নেকি? প্ৰধানকৈ ৩ টা কাৰণতেই পত্নীৰ পৰা দূৰত্ব বিচাৰে এজন স্বামীয়ে৷ সেই তিনিটা কাৰণ হৈছে-
সময়ৰ অভাৱ
দাম্পত্যত সুখী জীৱন অটুত ৰাখিবলৈ এজনে আনজনক সময় দিয়াটো খুবেই প্ৰয়োজন৷ চাকৰি জীৱনৰ সৈতে ব্যক্তিগত জীৱনৰ সামঞ্জস্য মিলাই ৰখাটোও খুবেই প্ৰয়োজন৷ অধিকাংশ সময়তেই পুৰুষসকলে এই অভিযোগ থাকে যে, পত্নীসকলে অফিচৰ কামকাজ লৈ ইমানেই ব্যস্ত যে ঘৰখনত বা স্বামীক একেবাৰেই সময় নিদিয়ে৷ আনকি ঘৰ অহাৰ পিছতো সংসাৰৰ অইন কামত ব্যস্ত থাকি স্বামীক সময় নিদিয়ে৷ দুয়োৱেই নিজা সময় কটাব নোৱাৰে৷ ইয়াৰ পৰা ওলাই অহাৰ মাত্ৰ দুটা উপায়েই আছে৷
১) মহিলাসকলে অফিচৰ কাম আৰু সংসাৰৰ যাৱতীয় কাম সামৰাৰ পাছতেই নিজৰ বাবে কিছু সময় ৰখাটো খুবেই প্ৰয়োজন৷
২) ঘৰৰ কাম দুজনে মিলি কৰক৷ তাৰপাছতেই একেলগে দুয়োৱে সময় কটাবলৈ সুযোগ পাব৷ বান্ধোন আৰু মজবুত হ’ব৷
ব্যক্তিগত পৰিসৰ নথকা বহু পুৰুষৰ অভিযোগ যে, তেওঁলোকে পত্নীৰ ব্যক্তিগত পৰিসৰ সম্পৰ্কে অৱগত নহয়৷ কিন্তু স্বামীৰ ব্যক্তিগত জীৱনত সেইগৰাকী পত্নীয়েই হস্তক্ষেপ কৰে৷ ফলত বিয়াৰ পাছতেই নিজৰ জীৱনটোকেই আনৰ হাতত সঁপি দিয়া যেন হয় স্বামীজনৰ৷ বাৰে বাৰে পত্নীক সুধিয়েই সকলো কাম কৰিবলগাত পৰে পুৰুষজনে৷ এইক্ষেত্ৰত সকলোৱেই এটা কথা মনত ৰখা প্ৰয়োজন যে সম্পৰ্কত দুজন সংগীয়েই এজনে আনজনৰ ব্যক্তিগত স্পেছ বা পৰিসৰক সন্মান কৰাৰ প্ৰয়োজন৷ নহ’লে নিজৰ মাজতেই অশান্তি বাঢ়িব পাৰে৷
অশান্তিৰ আন এক কাৰণ অযুক্তিকৰ কথা
বহুসময়ত খঙতেই আমাৰ কথাৰ খেলিমেলি হয়৷ যুক্তিৰে আমি কথাবোৰ যুঁকিয়াই নাচাও৷ খঙতেই আমি যি তি কথা কৈ পেলাও৷ প্ৰত্যেক দম্পত্তিয়েই এই পৰিস্থিতিত পৰে৷ সেয়ে সেই দিশত নজৰ ৰখাটো খুবেই প্ৰয়োজন৷ তৰ্কৰ মাজতেই কেতিয়াও এজনে আনজনক মনত আঘাত লগা কথা কোৱাৰ পৰা বিৰত থাকিব লাগে৷ ব্যক্তিগত আক্ৰমণৰ পৰা বিৰত থাকিব লাগে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ