শোকাৱহ, হঠাতে খহি পৰে নিৰ্মীয়মান অট্টালিকাৰ ছাদ, ধ্বংসাৱশেষৰ আজত আৱদ্ধ ৩০ৰো অধিক, ১ নিহত
আজি দেওবাৰে বিয়লি হঠাতে এক অতিকে ভয়ংকৰ ঘটনা সংঘটিত হয়। যি ঘটনাত ইতিমধ্যে ১ জন লোকে প্ৰাণ হেৰুৱাই। বৰ্তমানেও জীৱন-মৃত্যুৰ মাজত আৱদ্ধ হৈ আছে ৩০ৰো অধিক লোক।
উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰ জিলাত দেওবাৰে সন্ধিয়া ভাঙি পৰা এটা অট্টালিকাৰ ভিতৰত প্ৰায় ৩০ জন লোক আবদ্ধ হৈ পৰাৰ আশংকা।
স্থানীয় ৰাইজে উদ্ধাৰ অভিযান আৰম্ভ কৰাৰ বিপৰীতে এন ডি আৰ এফৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈছে। সকলো জ্যেষ্ঠ প্ৰশাসনিক বিষয়াও সেই স্থানত উপস্থিত হৈছে।
তথ্য অনুসৰি এই ভৱনটো মুজাফ্ফৰনগৰৰ জনসাথ থানা এলেকাত অৱস্থিত। দেওবাৰে বিয়লি অট্টালিকাটোৰ ছাদখন হঠাতে ভাঙি যায়, য’ত কেইবাজনো শ্ৰমিকে সেই স্থানত কাম কৰি আছিল।
উদ্ধাৰ অভিযানত ইতিমধ্যে সেই ধ্বংসাৱশেষৰ পৰা সুকলমে উলিয়াই অনা হৈছে ১২ জন শ্ৰমিক। তাৰে ভিতৰত এজনৰ মৃতদেহো উদ্ধাৰ হৈছে। উদ্ধাৰ অভিযানত ব্যৱহাৰ কৰা হৈছে ১৫-১৬ খন মান জেচিবি।
মুখ্যমন্ত্রী যোগী আদিত্যনাথে ঘটনা সন্দর্ভত সচেতন হৈ ঘটনাস্থলীত উপস্থিত হৈ আহত লোকসকলক প্রয়োজনীয় সকলো সহায় আৰু চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ বিষয়াসকলক নির্দেশ দিছে। লগতে প্ৰত্যোকগৰাকী শ্ৰমিক উদ্ধাৰ নোহোৱা পৰ্যন্ত উদ্ধাৰ অভিযান নিৰন্তৰ অব্যাহত থাকিব বুলি কথা দিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ