কাইলৈ অৰ্থাৎ ৩০ জুলাই ২০২৪ৰ মঙলবাৰে চন্দ্ৰই শুক্ৰৰ ৰাশি বৃষত গোচৰ কৰিব৷ কাইলৈ শাওনৰ কৃষ্ণা দশমী তিথি৷ বৈদিক পঞ্জিকা অনুসৰি মহাদেৱৰ প্ৰিয় শাওন মাহৰ সৈতে চলি আছে চতুৰ্থমাহো৷ এই চাৰিমাহ যোগনিদ্ৰাত থাকিব শ্ৰীবিষ্ণু৷ মঙলবাৰে, হিন্দুধৰ্ম অনুসৰি শাওন মাহৰ মঙলবাৰে পালন কৰা হয় মঙ্গলা গৌৰী ব্ৰত৷ কাইলৈৰ দিনটো বিশেষ গুৰুত্বপূৰ্ণ হ’ব৷ জ্যোতিষ গণনা অণুসৰি কাইলৈ থাকিব বৃদ্ধি যোগ, ধ্ৰুৱ যোগ আৰু সৰ্বাৰ্থ সিদ্ধি যোগৰ শুভ প্ৰভাৱ৷ ইয়াৰোপৰি কাইলৈ থাকিব কৃতিকা নক্ষত্ৰ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈৰ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কেইটামান ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক কাইলৈৰ দিনটো কোন কোন ৰাশিৰ জাতকৰ বাবে শুভ৷
মেষ ৰাশি
৩০ জুলাই পজিটিভ পৰিবৰ্তন আহিব মেষ ৰাশিৰ জাতকৰ জীৱনত৷ কাইলৈ আপুনি অতিৰিক্ত অৰ্থ উপাৰ্জন কৰাৰ সুযোগ পাব৷ ইয়াৰোপৰি কাইলৈ পাবলগীয়া ধন ঘূৰাই পোৱা সম্ভৱ৷ কাইলৈ নিজৰ বেংক বেলেন্স বঢ়োৱাৰ সুযোগ পাব৷ ঘৰৰ প্ৰবীণসকলৰ সৈতে সুসম্পৰ্ক বৰ্তি থাকিব আপোনাৰ৷
সিংহ ৰাশি
শাওনৰ কৃষ্ণা দশমীত উন্নতিৰ নতুন পথ খুলি যাব সিংহ ৰাশিৰ জাতকৰ সন্মুখত৷ কাইলৈ সমাজত আপোনাৰ সন্মান আৰু খ্যাতি বৃদ্ধি পাব৷ প্ৰতি পদত কাইলৈ নিজৰ পৰিয়ালৰ সদস্যসকলৰ কাষত সময় কটাব৷ নতুন চাকৰি পাব পাৰে আপুনি৷ নিজৰ ব্যৱসায়ৰ আৰম্ভণি কৰিব খুজিলে কাইলৈৰ দিনটো শুভ৷ নিজক স্বাস্থ্য সংক্ৰান্তিয় সমস্যা কাইলৈ দূৰ হ’ব৷
তুলা ৰাশি
নিজৰ কেৰিয়াৰৰ পথত আগুৱাই যাব তুলা ৰাশিৰ জাতকে৷ কাইলৈ সংকটমোচন হনুমানৰ আশীৰ্বাদ আপুনি লাভ কৰিব৷ ব্যৱসায়ত কোনো সমস্যা থাকিলে কাইলৈ দূৰ হ’ব৷ বন্ধুৰ সৈতে কোনো নতুন কামৰ পৰিকল্পনা কৰিব পাৰে৷ বৃদ্ধি যোগৰ প্ৰভাৱত কাইলৈ আপুনি কোনো সম্পত্তি ক্ৰয় কৰিব পাৰে৷
বৃশ্চিক ৰাশি
কাইলৈ বজৰংবলীৰ আশীৰ্বাদত দিনটো ভালকৈ কটাব বৃশ্চিক ৰাশিৰ জাতকে৷ বন্ধু আৰু পৰিয়ালৰ সৈতে কাইলৈৰ দিনটো ভালধৰণে কটাব৷ ধৰ্মীয় বিষয়ৰ প্ৰতিও কাইলৈ আপোনাৰ আগ্ৰহ বাঢ়িব৷ আৰ্থিক বিষয়ত কোনো অভিজ্ঞ ব্যক্তিৰ পৰা লাভজনক পৰামৰ্স পাব বৃশ্চিত ৰাশিৰ জাতকে৷ কাইলৈ নতুন কোনো কামত পিতৃ-মাতৃৰ পৰা সহায় পাব৷
ধনু ৰাশি
কাইলৈৰ দিনটো ধ্ৰুৱ যোগৰ প্ৰভাৱত বেছ লাভজনক হ’ব ধনু ৰাশিৰ জাতকৰ বাবে৷ কাইলৈ ভায়েক বা ককায়েকৰ সৈতে সম্পৰ্ক মধুৰ হ’ব ধনু ৰাশিৰ জাতকৰ৷ পেছাগত জীৱনত কাইলৈ উন্নতিৰ শিখৰত থাকিব ধনু ৰাশিৰ জাতক৷ বিদেশত চাকৰি লাভ কৰিব পাৰে৷ কৰ্মক্ষেত্ৰত ধনু ৰাশিৰ জাতকৰ প্ৰভাৱ প্ৰতিপত্তি বৃদ্ধি পাব৷ ব্যৱসায়ীয়ে কাইলৈ আৰ্থিকভাৱে লাভৱান হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















