ভাৰতীয় সেনাৰ আন এক বৃহৎ সফলতা, অমিত শ্বাহে টুইট কৰি জনালে সুখবৰ
ভাৰতীয় সেনাই এফালে ভাৰত-পাকিস্তান সীমান্তত অহৰহ নজৰ দি আছে। আনফালে আকৌ নক্সালৰ বিৰুদ্ধে সেনাৰ অপাৰেচন। যি অপাৰেচন ভাৰতৰ চলিত বৰ্ষৰ আটাইতকৈ ডাঙৰ সফলতা বুলি গণ্য কৰা হৈছে। অমিত শ্বাহে টুইট কৰি জনালে এই সুখবৰ।
ভাৰতীয় সুৰক্ষা সেনাৰ সফল অভিযানত আজি এগৰাকী – দুগৰাকী নহয় ৩১ গৰাকীকৈ নক্সালীৰ জীৱন শেষ কৰি দিয়ে। নক্সালবাদৰ বিৰুদ্ধে এতিয়ালৈকে চলোৱা সৰ্ববৃহৎ অভিযানত ছত্তীশগড়-তেলেংগানা সীমান্তৰ কুৰাগুট্টালু পাহাৰত ৩১জন কুখ্যাত নক্সালবাদীক হত্যা কৰা হৈছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিজেই এই বিষয়ে টুইটৰ জৰিয়তে এই তথ্য দিছে। বৰ্তমানে নিৰাপত্তা বাহিনীয়ে নক্সাল মুক্ত ভাৰতৰ অধীনত নক্সালবাদীক নিৰ্মূল কৰাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। এসময়ত ৰঙা আতংকৰ ৰাজত্ব কৰা পাহাৰত আজি ভাৰতীয় জাতীয় পতাকা গৌৰৱেৰে উৰিছে।
https://x.com/AmitShah/status/1922626392581173348
গৃহমন্ত্ৰীয়ে টুইটটোত লিখিছে যে কুৰাগুটালু পাহাৰ হৈছে পিএলজিএ বেটেলিয়ন ১, ডিকেএছজেডচি, টিএছচি এণ্ড চিআৰচিৰ দৰে ডাঙৰ নক্সাল সংগঠনৰ ঐক্যবদ্ধ মুখ্য কাৰ্যালয়, য’ত নক্সাল প্ৰশিক্ষণৰ লগতে কৌশল আৰু অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ কৰা হৈছিল। এই বৃহৎ নক্সাল বিৰোধী অভিযান নিৰাপত্তা বাহিনীয়ে মাত্ৰ ২১ দিনতে সম্পূৰ্ণ কৰিলে।
উল্লেখ্য যে, এই বৃহৎ অভিযানৰ পাছতে টুইটত অমিত শ্বাহে এই বিষয়েও উল্লেখ কৰে যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত নক্সালবাদক শিপাৰ পৰা নিৰ্মূল কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ। লগতে নিৰ্দিষ্ট তাৰিখ ধৰি দি কয় যে- ২০২৬ চনৰ ৩১ মাৰ্চৰ ভিতৰত ভাৰত নক্সালমুক্ত হোৱাটো নিশ্চিত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















