• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

1 week ago
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

52 minutes ago
বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

2 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

16 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

16 hours ago
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

16 hours ago
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

17 hours ago
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

18 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

18 hours ago
কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

18 hours ago
ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

19 hours ago
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

20 hours ago
‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

ডিব্ৰুগড়ৰ ডনবস্কো স্কুলত প্ৰকৃততে হৈছে কি?

editor by editor
September 12, 2026
in অসম, প্ৰযুক্তি, বিবিধ
0
অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিব্ৰুগড়ৰ আগশাৰীৰ শিক্ষানুষ্ঠান ডনবস্কো হাইস্কুলত সপ্তম শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাজত এক বিপজ্জনক আচৰণৰ ঘটনা পোহৰলৈ অহাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি, কেইবাগৰাকীও শিক্ষাৰ্থীয়ে পেন্সিল শ্বাৰ্পনাৰৰ ভাঙি যোৱা অংশ বা ব্লে*ড সদৃশ সামগ্ৰীৰে নিজৰ হাতত আঁচোৰ বা কটাৰ দৰে দাগ সৃষ্টি কৰিছিল। ঘটনাটোক কেন্দ্ৰ কৰি অভিভাৱকসকলৰ মাজতো উদ্বেগ বৃদ্ধি পাইছে। জানিব পৰা মতে, এই ঘটনাৰ সৈতে জড়িত বুলি সন্দেহ কৰা মুঠ ১২গৰাকী শিক্ষাৰ্থীক চিনাক্ত কৰা হৈছে। ইয়াৰে ৮গৰাকী ছাত্ৰী আৰু ৪জন ছাত্ৰ। প্ৰথমে দুগৰাকী শিক্ষাৰ্থীয়ে বিষয়টো এগৰাকী শিক্ষকক অৱগত কৰাৰ পাছতেই ঘটনাটো বিদ্যালয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হয়।

ঘটনাৰ খবৰ লাভ কৰাৰ পাছত বিদ্যালয় কৰ্তৃপক্ষই অভিভাৱকসকলক বিষয়টো অৱগত কৰাৰ লগতে শিক্ষাৰ্থীসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰে। চিকিৎসকৰ পৰামৰ্শ অনুসৰি টিটেনাছৰ বে*জীসহ প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয়। জানিব পৰা মতে, কেইগৰাকীমান শিক্ষাৰ্থীৰ হাতত আঁচোৰৰ দৰে দাগ দেখা গৈছে যদিও কোনো শিক্ষাৰ্থীৰ ৰ*ক্তস্ৰাৱ হোৱা নাই আৰু চিলাই কৰাৰ প্ৰয়োজন হোৱা নাই।

ঘটনাটোৰ আঁৰত কোনো অনলাইন গেম বা ছ’চিয়েল মিডিয়াত বিয়পি পৰা বিপজ্জনক ‘চেলেঞ্জ’ৰ প্ৰভাৱ আছিল নেকি, তাক লৈও প্ৰশ্ন উত্থাপন হৈছে। একাংশ অভিভাৱক আৰু সচেতন মহলে শিক্ষাৰ্থীসকলৰ মাজত কোনো অনলাইন গেম বা প্ৰত্যাহ্বানমূলক কনটেণ্টে এনে আচৰণৰ সৃষ্টি কৰিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে। অৱশ্যে, ঘটনাটোৰ আঁৰত কোনো নিৰ্দিষ্ট মোবাইল গেম বা অনলাইন চেলেঞ্জ জড়িত থকাৰ কথা বৰ্তমানলৈকে নিশ্চিত হোৱা নাই। তদন্ত সম্পূৰ্ণ হোৱাৰ পাছতহে এই বিষয়ে স্পষ্ট ছবি পোহৰলৈ আহিব।

আনহাতে, অভিভাৱকৰ একাংশই অভিযোগ কৰিছে যে সপ্তম শ্ৰেণীৰ এগৰাকী শিক্ষাৰ্থীয়ে আন ছাত্ৰ-ছাত্ৰীক এনে কাম কৰিবলৈ প্ৰভাৱিত বা উৎসাহিত কৰিছিল। কোনো কোনো অভিভাৱকে আনকি আন শিক্ষাৰ্থীক হাত কা*টিবলৈ বাধ্য কৰোৱাৰ অভিযোগো উত্থাপন কৰিছে। অৱশ্যে এই অভিযোগসমূহৰ সত্যতা এতিয়াও তদন্তাধীন।

ইফালে, ঘটনাটোত ব্লে*ড ব্যৱহাৰ কৰা হোৱা নাই বুলি বিদ্যালয় কৰ্তৃপক্ষই দাবী কৰিছে। বিদ্যালয়ৰ ফালৰ পৰা এই দাগ কোনো ব্লে*ডৰ ফলত নহয়, বৰং প্লাষ্টিকৰ সামগ্ৰীৰে হোৱা বুলি মন্তব্য কৰা হৈছে। কিন্তু বিদ্যালয় কৰ্তৃপক্ষৰ এই বক্তব্যক লৈ একাংশ অভিভাৱকৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হৈছে। ঘটনাটোৰ প্ৰকৃত কাৰণ কি, শিক্ষাৰ্থীসকলৰ মাজত এই আচৰণ কেনেকৈ বিয়পি পৰিল আৰু ইয়াৰ আঁৰত কোনো বাহ্যিক বা অনলাইন প্ৰভাৱ আছে নেকি—সেই বিষয়ে সম্পূৰ্ণ তদন্তৰ দাবী উত্থাপন কৰিছে অভিভাৱকসকলে।

ঘটনাটোৰ গুৰুত্ব বিবেচনা কৰি ডিব্ৰুগড় জিলা প্ৰশাসনেও বিষয়টোত হস্তক্ষেপ কৰিছে। জানিব পৰা মতে, জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ নেতৃত্বত ঘটনাটোৰ তদন্ত আৰম্ভ কৰা হৈছে। তদন্তকাৰী দলটোৱে শিক্ষাৰ্থীসকলৰ সৈতে কথা পতাৰ লগতে তেওঁলোকৰ শাৰীৰিক পৰীক্ষা কৰে। লগতে ঘটনাৰ সময়ত শ্ৰেণীকোঠাত প্ৰকৃততে কি ঘটিছিল, সেই বিষয়ে জানিবলৈ চিচিটিভি ফুটেজো পৰীক্ষা কৰা হৈছে।

তদন্তত শিক্ষাৰ্থীসকলৰ বক্তব্য, বিদ্যালয় কৰ্তৃপক্ষৰ ভূমিকা, ঘটনাটোৰ প্ৰকৃত কাৰণ আৰু কোনো বাহ্যিক প্ৰভাৱৰ ফলত শিক্ষাৰ্থীসকলে এনে আচৰণ কৰিছিল নেকি—এই সকলো দিশ পৰীক্ষা কৰা হ’ব বুলি জানিব পৰা গৈছে। বৰ্তমান ঘটনাটোৰ তদন্ত অব্যাহত আছে। অনলাইন গেম, ‘চেলেঞ্জ’ নে আন কোনো কাৰণত এই ঘটনা সংঘটিত হৈছিল, সেয়া তদন্ত সম্পূৰ্ণ হোৱাৰ পাছতহে নিশ্চিত হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24education
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী
অসম

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

September 20, 2026
বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত
অসম

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

September 20, 2026
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

September 19, 2026
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ
বাণিজ্য

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

September 19, 2026
Next Post
কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

'দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.