তেলেংগানাৰ ভদ্ৰদ্ৰী কোঠাগুডেম জিলাৰ মানুগুৰু মণ্ডলৰ বুদুগুল গুট্টিকোয় গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ডাইনী চৰ্চা কৰাৰ সন্দেহত দুজন বৃদ্ধক নৃ*শংসভাৱে হ*ত্যা কৰা হয়। ইয়াৰ পিছতে আতংকিত হৈ এজন বৃদ্ধৰ পুত্ৰ আৰু বোৱাৰীয়ে চৰম পন্থা অৱলম্বন কৰে বুলি সন্দেহ কৰা হৈছে। এই ঘটনাত একেটা পৰিয়ালৰ চাৰিজন লোকৰ মৃত্যু হোৱাত সমগ্ৰ অঞ্চলটোত শোক আৰু আতংকৰ সৃষ্টি হৈছে।
নাতিনীয়েক অসুস্থ হোৱাৰ পিছতে সন্দেহৰ সৃষ্টি
মৃত পদ্দাম মাছাইয়া আৰু ভীমাইয়া আত্মীয় আছিল। পদ্দাম মাছাইয়া মানুগুৰু মণ্ডলৰ বুদুগুল গাঁৱৰ বাসিন্দা আছিল। আনহাতে, ভীমাইয়া আল্লাপল্লী মণ্ডলৰ ভূছুৰাই গাঁৱৰ বাসিন্দা আছিল। প্ৰায় এমাহ পূৰ্বে মাছাইয়াৰ নাতিনীয়েক হঠাৎ অসুস্থ হৈ পৰিছিল। সেই সময়ত ভীমাইয়াই মাছাইয়াৰ ঘৰলৈ গৈ পূজা-পাতল কৰিছিল। ইয়াৰ পিছতে গাঁৱৰ একাংশ লোকৰ মাজত দুয়োজন বৃদ্ধক লৈ সন্দেহৰ সৃষ্টি হয়। তেওঁলোকে মাছাইয়া আৰু ভীমাইয়াই ডাইনী চৰ্চা কৰে বুলি সন্দেহ প্ৰকাশ কৰে। আনকি গাঁৱৰ মানুহক ডাইনীৰ দ্বাৰা হাৰাশাস্তি কৰা আৰু গাঁৱত সঘনাই মৃ*ত্যু হোৱা ঘটনাৰ আঁৰত তেওঁলোকৰ পূজা-পাতল আছে বুলিও অভিযোগ উত্থাপন কৰে। এই সন্দেহ আৰু শত্ৰুতাই পিছলৈ ভয়ংকৰ ৰূপ ধাৰণ কৰে।
ডাইনী চৰ্চাৰ সন্দেহতে প্ৰায় এমাহ পূৰ্বে পদ্দাম মাছাইয়া আৰু ভীমাইয়াক একাংশ লোকে আক্ৰমণ কৰে। অভিযুক্তসকলে দুয়োজন বৃদ্ধক লাঠিৰে নিৰ্মমভাৱে প্ৰহাৰ কৰে। এই আক্ৰমণতে দুয়োজনৰ মৃ*ত্যু হয়। হ*ত্যাকাণ্ড সংঘটিত কৰাৰ পিছত অভিযুক্তসকলে মৃ*তদেহ দুটা হাবিৰ ভিতৰত পুতি থয়। পিছত ভীমাইয়াৰ কন্যাই আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। তদন্তৰ সময়ত এই দ্বৈত হ*ত্যাকাণ্ডৰ সৈতে জড়িত কেইবাটাও তথ্য পোহৰলৈ আহে। মানুগুৰুৰ চক্ৰ পৰিদৰ্শক নাগাবাবুৱে জানিবলৈ দিয়া মতে, এই হ*ত্যাকাণ্ডত পাঁচজন লোক জড়িত আছিল। বৰ্তমান আৰক্ষীয়ে অভিযুক্তসকলৰ সন্ধান অব্যাহত ৰাখিছে।
পিতৃৰ হ*ত্যাকাণ্ডত আতংকিত পুত্ৰ-বোৱাৰী
দুজন বৃদ্ধৰ হ*ত্যাকাণ্ডৰ পিছতে গাঁওখনত আতংকৰ পৰিৱেশ সৃষ্টি হয়। মৃত পদ্দাম মাছাইয়াৰ পুত্ৰ ৰামবাবু (৩০) আৰু তেওঁৰ পত্নী সুনীতা (২৫)ও গভীৰ ভয়ত দিন কটাবলৈ ধৰে। তেওঁলোকৰ আশংকা আছিল যে পিতৃক হ*ত্যা কৰা লোকসকলে পৰৱৰ্তী সময়ত তেওঁলোককো আক্ৰমণ কৰিব পাৰে। এই ভয়ৰ বাবেই দম্পতীটো চৰম পন্থা লোৱাৰ সন্দেহ কৰা হৈছে। বৃহস্পতিবাৰে নিশা দুয়োজনে স্থানীয় সুৰাত বিষ মিহলাই পান কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। ইয়াৰ কিছু সময়ৰ পিছতে দুয়ো অচেতন হৈ পৰে। দম্পতীটোৰ অৱস্থা বেয়া হোৱাত গাঁৱৰ লোকসকলে তেওঁলোকক উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায়। কিন্তু চিকিৎসালয়লৈ নিয়াৰ পথতে সুনীতাৰ মৃ*ত্যু হয়। আনহাতে, ৰামবাবুক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চিকিৎসাধীন অৱস্থাত তেওঁও মৃত্যুক সাবটি লয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















