উত্তৰ প্ৰদেশৰ মথুৰাত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। বৃন্দাবনৰ ২নং চৈতন্য বিহাৰ ছেক্টৰত থকা পানিনি সংস্কৃত গুৰুকুলামত পানীৰ টেংকি চাফা কৰিবলৈ গৈ বিষাক্ত গেছত আক্ৰান্ত হৈ চাৰিজন ছাত্ৰৰ মৃ*ত্যু হয়। আন এজন ছাত্ৰক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। মঙলবাৰে নিশা, প্ৰায় ১০ বজাত এই ঘটনা সংঘটিত হয়। মৃত ছাত্ৰকেইজনৰ বয়স ১৭ৰ পৰা ২০ বছৰৰ ভিতৰত বুলি জানিব পৰা গৈছে।
জিলা দণ্ডাধীশ চন্দ্ৰ প্ৰকাশ সিঙৰ মতে, গুৰুকুলামৰ চৌহদত থকা এটা ভূগৰ্ভস্থ পানীৰ টেংকৰ পৰা দুৰ্গন্ধ ওলাইছিল। সেই দুৰ্গন্ধৰ কাৰণ জানিবলৈ আৰু টেংকিটো পৰিষ্কাৰ কৰিবলৈ ছাত্ৰসকলে সিদ্ধান্ত লয়। টেংকিটোৰ গভীৰতা প্ৰায় ১২ৰ পৰা ১৪ ফুট আছিল। প্ৰথমে মটৰৰ সহায়ত টেংকৰ পানী উলিয়াই দিয়া হয়। কিন্তু কিছু পানী ভিতৰত ৰৈ যোৱাৰ পিছত ছাত্ৰসকলে টেংকিৰ ভিতৰলৈ সোমাই চাফা কৰিবলৈ আৰম্ভ কৰে।
প্ৰথমে এজন ছাত্ৰ টেংকৰ ভিতৰলৈ সোমাই যায়। কিছু সময়ৰ পিছতে তেওঁ অচেতন হৈ পৰে। টেংকিৰ ভিতৰত বিষাক্ত গেছ থকাৰ সন্দেহ কৰা হৈছে। তেওঁক উদ্ধাৰ কৰিবলৈ এজনৰ পিছত এজনকৈ আন কেইবাজনো ছাত্ৰ টেংকিৰ ভিতৰলৈ সোমাই যায়। ফলত মুঠ পাঁচজন ছাত্ৰ অচেতন হৈ পৰে। ঘটনাৰ খবৰ পোৱাৰ পিছতে স্থানীয় আৰু প্ৰশাসনৰ লোকসকলে পাঁচজন ছাত্ৰক টেংকৰ পৰা উদ্ধাৰ কৰি ততাতৈয়াকৈ জিলা চিকিৎসালয়লৈ লৈ যায়। চিকিৎসকে চাৰিজনক মৃ*ত ঘোষণা কৰে। মৃত ছাত্ৰকেইজন হৈছে মনু কাটাৰে (২০), দেৱংশ (১৭), বিষু (১৮) আৰু আৰিয়ান (১৮)। আনহাতে, ১৮ বছৰীয়া ৰুদ্ৰাক্ষক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বৰ্তমান তেওঁৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে।
সমগ্ৰ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত কৰাৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। তদন্তত কেইবাটাও বিষয় পৰীক্ষা কৰা কথাও সদৰী কৰে জিলা দণ্ডাধীশে। বিশেষকৈ গুৰুকুলামটোৰ প্ৰয়োজনীয় স্বীকৃতি আছিল নে নাই, পানীৰ টেংকি চাফা কৰিবলৈ ছাত্ৰসকলক কিয় ভিতৰলৈ যাবলৈ দিয়া হৈছিল আৰু সুৰক্ষা ব্যৱস্থা পৰ্যাপ্ত আছিল নে নাই—এই সকলোবোৰ বিষয় তদন্তৰ আওতালৈ আহিব। ইয়াৰ উপৰি অঞ্চলটোত থকা আন গুৰুকুলামসমূহো পৰিদৰ্শন আৰু সুৰক্ষা ব্যৱস্থাৰ অডিট কৰাৰ কথা প্ৰকাশ কৰিছে প্ৰশাসনে। ভৱিষ্যতে যাতে এনে দুৰ্ঘটনা পুনৰ সংঘটিত নহয়, তাৰ বাবে অট্টালিকা আৰু সুৰক্ষা ব্যৱস্থাসমূহ পৰীক্ষা কৰা হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















