অসম লাইভ ২৪ঃ বহুদিনীয়া প্ৰত্যাশাৰ অন্ত পৰিল। ২৬ হাজাৰ নিযুক্তি পৰীক্ষাৰ ৰিজাল্ট ওলাল। ঘৰে ঘৰে আনন্দৰ জোৱাৰ। ঘৰে ঘৰে সংবাদদাতাৰ কেমেৰাও গ’ল। পিতৃ-মাতৃয়ে সন্তানৰ সফলতাৰ কথাবোৰ কৈ গ’ল সলসলীয়াকৈ। প্ৰশংসা কৰিবলৈ নাপাহৰিলে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনক। কিন্তু এই হাঁঁহি চিৰস্থায়ী হ’বনে? মাত্ৰ ৫ নম্বৰেই ভাঙিব নেকি এতিয়া বহুতৰে সপোন?
২৬,৬৮২ গৰাকী উত্তীৰ্ণ হ’ল চতুৰ্থ বৰ্গৰ পৰীক্ষাত। পৰীক্ষাত উত্তীৰ্ণ হ’লেও ২৬,৬৮২ গৰাকীয়ে চাকৰি লাভ কৰিবনে? মুঠ ২৬,৪৪২ টা পদৰ বাবে অনুষ্ঠিত হোৱা নিযুক্তি পৰীক্ষাত চতুৰ্থ বৰ্গৰ বাবে পদ আছে মুঠ ১৩,৩৪১ টা। তেনেক্ষেত্ৰত উত্তীৰ্ণ ২৬,৬৮২ গৰাকীৰ কোনে কোনে লাভ কৰিব চাকৰি? শেহতীয়াভাৱে ঘোষণা হোৱা চতুৰ্থ বৰ্গৰ ফলাফল ঘোষণা হোৱাৰ পিছতেই এই বিষয়টোৱে ৰাজ্যজুৰি লাভ কৰিছে চৰ্চা। সামাজিক মাধ্যমতো চাকৰিকেন্দ্ৰিক কথাই চৰ্চা লভিছে। বহুতেই সুধিছে, চতুৰ্থ বৰ্গৰ পৰীক্ষাতো মৌখিক পৰীক্ষাৰ প্ৰয়োজনীয়তা কি? এইয়া আকৌ এবাৰ নিবনুৱাৰ সপোনক ধুলিস্যাৎ কৰাৰেই ষড়যন্ত্ৰ নহয়তো।
মৌখিক পৰীক্ষাৰ কথা প্ৰকাশ হোৱাৰ পিছতেই বহুতেই এই বিষয়টোক লৈ আপত্তি দৰ্শাইছে। ৫ নম্বৰেই আওল লগাব এই নিযুক্তিত বুলিও প্ৰায়সংখ্যকেই সামাজিক মাধ্যমত উল্লেখ কৰাৰ সময়তে একাংশই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আস্থা প্ৰকাশ কৰি কৈছে নাই মুখ্যমন্ত্ৰীগৰাকীৰ শাসনকালত দুৰ্নীতি হ’ব নোৱাৰে।
বিগত মাহত নিযুক্তি প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণতো উল্লেখ কৰিছিল দুৰ্নীতিমুক্ত নিযুক্তিৰ কথা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসন কালত নিযুক্তি প্ৰক্ৰিয়াত কেলেংকাৰী হ’লে চৰকাৰ স্ব-ইচ্ছাই ত্যাগ কৰিম বুলিও ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। তেনেক্ষেত্ৰত নিযুক্তিত ৫ নম্বৰে খেলিমেলি লগাব নোৱাৰে বুলিও উল্লেখ কৰিছে বহুসংখ্যকেই।
উল্লেখ্য যে, ২০২২ চনৰ আগষ্ট মাহত অনুষ্ঠিত হৈছিল চতুৰ্থ শ্ৰেণীৰ পদৰ লিখিত পৰীক্ষাত ৰাজ্যৰ ২৫ খন জিলাত ৪,৪৩,৬৫৫ গৰাকীতকৈ অধিক পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। অসম প্ৰত্যক্ষ নিযুক্তিৰ অধীনত পৰীক্ষাৰ মুঠ ২৬,৪৪২ টা পদৰ, ১৩,৩০০ টা তৃতীয় শ্ৰেণীৰ আৰু ১৩,৩৪১ টা পদ আছিল চতুৰ্থ শ্ৰেণীৰ বাবে। চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে তৃতীয় বৰ্গৰো ফলাফল নৱেম্বৰ মাহত প্ৰকাশ হ’ব বুলি জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ