দেশৰ ৪৭ শতাংশ মন্ত্ৰীৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ আছে৷ এই কথা জনাইছে এছচিয়েছন ফৰ ডেমোক্ৰেটিক ৰিফৰ্মৰ ৰিপৰ্টে৷ এই অপৰাধসমূহো সৰুসুৰা অপৰাধ নহয়, বেছিসংখ্যকৰ বিৰুদ্ধেই আছে হত্যা, অপহৰণ, যৌন আতিহায্যৰ দৰে মাৰাত্মক গোচৰ৷ দুৰ্নীতি দমনৰ উদ্দেশ্যে সম্প্ৰতি তিনিখন বিল উত্থাপন কৰিছে কেন্দ্রই৷ কোনো অভিযোগত যদি ৩০ দিনতকৈ বেছি কোনো প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী বা অন্যান্য মন্ত্ৰী কাৰাবন্দী হৈ থাকে তেন্তে তেওঁক সেই পদৰ পৰা অপসাৰণ কৰা হব৷
এই বিল পাছ হোৱাৰ পূৰ্বেই ভয়ংকৰ তথ্য সন্মুখলৈ আহিছে৷ দেশৰ ৪৭ শতাংশ মন্ত্ৰীৰ বিৰুদ্ধেই আছে ফৌজদাৰী গোচৰ৷ ADRৰ ৰিপৰ্টত দেখা গৈছে ২৭ খন ৰাজ্য, তিনিখন কেন্দ্ৰীয়শাসিত অঞ্চল মিলি ৩০২ জন মন্ত্ৰীৰ ৪৭শতাংশৰ বিৰুদ্ধেই আছে ফৌজদাৰী গোচৰ৷ ৩৩৬ জন বিজেপি মন্ত্ৰীৰ ভিতৰত আছে ১৩৬ জনৰ বিৰুদ্ধে গোচৰ আছে৷ কংগ্ৰেছৰ হাতত আছে দেশৰ ৪খন ৰাজ্য৷ তেওঁলোকৰ ৪৫ জন মন্ত্ৰীৰ বিৰুদ্ধে গোচৰ আছে৷ আকৌ ডি এম কেৰ ৩১ মন্ত্ৰীৰ ভিতৰত ২৭জনৰ বিৰুদ্ধেই আছে গোচৰ৷
তৃণমূল কংগ্ৰেছৰ ৪০ মন্ত্ৰীৰ ভিতৰত ১৩ জনৰ বিৰুদ্ধে আছে গোচৰ৷ তেলগু দেশম পাৰ্টিৰ ৯৬ শতাংশ মন্ত্ৰীৰ বিৰুদ্ধেই আছে ফৌজদাৰি গোচৰ৷ ২৩মন্ত্ৰীৰ ভিতৰত ২২ জনৰ বিৰুদ্ধেই আছে গোচৰ৷ আম আদমী পাৰ্টিও বাদ পৰি থকা নাই৷ আপৰ ১৬ মন্ত্ৰীৰ বিৰুদ্ধে আছে ফৌজদাৰী গোচৰ৷ গেৰুৱা শিৱিৰৰ ২৬ শতাংশ মন্ত্ৰীৰ বিৰুদ্ধে আছে গুৰুতৰ অভিযোগ৷ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ ৪০ শতাংশৰ বিৰুদ্ধে আছে ফৌজদাৰী গোচৰ৷ হাৰিয়ানা, জম্মু-কাশ্মীৰ, নাগালেণ্ড আৰু উত্তৰাখণ্ডৰ কোনো মন্ত্ৰীৰ বিৰুদ্ধে নাই ফৌজদাৰী গোচৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















