৫ নৱেম্বৰ, ২০২৫ বুধবাৰ৷ কেলেণ্ডাৰ অনুসৰি কাতি মাহৰ শুক্লপক্ষৰ পূৰ্ণিমা তিথিত দেৱ দীপাৱলি উদযাপিত হয়৷ এই দিনটোত ভগৱান শিৱ আৰু ভগৱান বিষ্ণুৰ পূজা কৰা হয়৷ জ্যোতিষীৰ দৃষ্টিকোণৰ পৰা এই বছৰৰ দেৱ দীপাৱলি অত্যন্ত বিশেষ বুলি ধাৰণা কৰা হৈছে৷ কাৰণ চন্দ্ৰই মেষ ৰাশিত অৱস্থান কৰিব৷ শনি মীন ৰাশিত বক্ৰী হব৷ বৃহস্পতিয়ে তাৰ উচ্চ ৰাশিত গৈ হংস ৰাজযোগৰ সৃষ্টি কৰিব৷ শুক্ৰইয়ো নিজৰ তুলা ৰাশিত অৱস্থান কৰিব৷ ৰাহুৱে কুম্ভ ৰাশিত থাকিব আৰু মঙ্গলে বৃশ্চিক ৰাশিত ৰুচক ৰাজযোগ সৃষ্টি কৰিব৷ তুলা ৰাশিত সূৰ্য আৰু শুক্ৰই একেলগে শুক্ৰাদিত্য যোগ সৃষ্টি কৰিছে৷ তদুপৰি সিদ্ধি যোগ, অমৃত সিদ্ধি যোগ আৰু সৰ্বাৰ্থ সিদ্ধি যোগো তৈয়াৰ হব৷ জানি থওক দেৱ দীপাৱলিত এই শুভ যোগসমূহৰ কাৰণে কোন কোন ৰাশিৰ জাতকৰ ভাল সময় আৰম্ভ হব?
মেষ ৰাশি
দেৱ দীপাৱলিত তৈয়াৰি এই শুভ যোগসমূহ মেষ ৰাশিৰ জাতকৰ জীৱনলৈ সুখ কঢ়িয়াই আনিব৷ আৰ্থিক ক্ষেত্ৰত ইতিবাচক ফলাফল দেখা যাব৷ আপুনি নতুন উদ্যোগ আৰম্ভ কৰিব৷ সম্পত্তি আৰু বিনিয়োগৰ ক্ষেত্ৰতো লাভৱান হব৷ দীৰ্ঘদিনৰ অমীমাংসিত প্ৰকল্পসমূহ সম্পন্ন হব আৰু আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হব৷ আপুনি যদি বিনিয়োগৰ কথা ভাৱিছে তেন্তে এই সময় অনুকূল সময়৷ পৰিয়ালৰ মাজত আনন্দৰ পৰিবেশ থাকিব আৰু আপুনি কিছু সু সংবাদ পাব পাৰে৷
কৰ্কট ৰাশি
এই দীপাৱলিত কৰ্কট ৰাশিৰ ওপৰত দেৱী লক্ষ্মীৰ আশীৰ্বাদ বিশেষভাৱে বৰ্ষিত হব৷ হঠাৎ আৰ্থিক লাভ আৰু সম্পদ বৃদ্ধিৰ সম্ভাৱনা আছে৷ চাকৰিয়ালৰ পদোন্নতি বা সন্মান পাব পাৰে৷ পাৰিবাৰিক সম্প্ৰীতি বৃদ্ধি পাব আৰু আপোনাৰ সিদ্ধান্ত ভৱিষ্যতে অত্যন্ত লাভজনক প্ৰমাণিত হব৷ আৰ্থিক স্থিতিশীলতা আৰ্জিত হব৷ দীৰ্ঘদিনৰ বিৰোধৰ সমাধান হব পাৰে৷
বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিত জাতক জাতিকাৰ কেৰিয়াৰত নতুন উজ্জ্বলতা কঢ়িয়াই আনিব দেৱ দীপাৱলি৷ ঊৰ্ধ্বতনসকলৰ পৰা সহায়তা আহিব আৰু পদোন্নতিৰ সম্ভাৱনা আছে৷ ব্যৱসায় সম্প্ৰসাৰণৰ সম্ভাৱনা প্ৰৱল৷ আত্মবিশ্বাস বৃদ্ধি পাব আৰু আপোনাৰ সামাজিক মৰ্যাদা বৃদ্ধি পাব৷ ঘৰতো শুভ ঘটনা ঘটিব পাৰে৷ দীৰ্ঘদিন ধৰি ৰৈ থকা প্ৰজেক্টসমূহে এই সময়ত গতি পাব৷ কেৰিয়াৰত উন্নতিৰ বাবে নতুন সুযোগ তৈয়াৰ হব৷ ছাত্ৰছাত্ৰীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈছে তেনে ব্যক্তিৰ বাবে অত্যন্ত শুভ সময়৷ তেওঁলোকে পিতৃ মাতৃৰ পৰা আশীৰ্বাদ পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















