দেশত এতিয়াও মাৰ যোৱা নাই হিজাব বিতৰ্কৰ ঢৌ৷ কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ সাময়িক ৰায়ৰ পিছতে দেশত হিজাব বিতৰ্ক অৱসান হ’ব বুলি ধাৰণা কৰা হৈছিল যদিও এতিয়াও ই তুঁহ জুইৰ দৰে জ্বলিয়েই আছে৷
কৰ্ণাটক উচ্চ ন্যায়ালয়ে সকলো শিক্ষানুষ্ঠানতে ধর্মীয় সাজপাৰ পৰিধান কৰাটো সাময়িকভাৱে নিষিদ্ধ কৰিছিল৷ ইয়াৰ পিছতে কৰ্ণাটকৰ তুমাকুৰুৰ এখন বেচৰকাৰী মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই ধৰ্মীয় পোছাক পৰিধান কৰাতো নিষিদ্ধ কৰাৰ পিছতে এগৰাকী শিক্ষকে চাকৰিও ইস্তফা দিছে৷
ইফালে ৰাজ্যখনৰ এখন বিদ্যালয়ৰ অৰ্ধশতাধিক ছাত্ৰীয়ে কৰ্তৃপক্ষৰ নিৰ্দেশ অমান্য কৰি হিজাব পৰিধানেৰে বিদ্যালয়লৈ গৈ প্ৰতিবাদ কৰি নিলম্বনৰ সন্মুখীন হৈছে৷
শুকুৰবাৰে কৰ্ণাটকৰ শিৱমুগ্গা জিলাৰ এখন বিদ্যালয়ে কৰ্ণাটক উচ্চ ন্যায়ালয় আৰু বিদ্যালয় কৰ্তৃপক্ষৰ নিৰ্দেশ উলংঘনেৰে হিজাব পৰিধান কৰি বিদ্যালয়লৈ অহা ৫৮ গৰাকী ছাত্ৰীক নিলম্বন কৰিছে৷
ঘটনাৰ বিৱৰণীৰ মতে বৃহস্পতিবাৰে ছাত্ৰীকেইগৰাকীয়ে নিৰ্দেশনা অমান্য কৰি হিজাব পৰিধানেৰে বিদ্যালয়ত উপস্থিত হৈ পুনৰ হিজাবৰ সমৰ্থনত প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ ইয়াৰ পিছতে কৰ্ণাটকত পুনৰ হিজাব বিতৰ্কই নতুন মোৰ লোৱা দেখা গৈছে৷
ইফালে, উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰাৰ বাবে উক্ত ছাত্ৰীকেইগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ১৪৪ অধীনত গোচৰ জুৰু কৰা হৈছে৷ জিলা উপায়ুক্তই সংবাদ মাধ্যমক জনোৱা অনুসৰি কেৱল ছাত্ৰী কেইগৰাকীৰ বিৰুদ্ধেই নহয় হিজাবৰ সপক্ষে প্ৰতিবাদ কৰা সকলোৰে বিৰুদ্ধে আইপিচি ১৪৪ৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷
‘‘হিজাব আমাৰ অধিকাৰ৷ আমি মৃত্যু বৰণ কৰিবলৈ ৰাজি আছো৷ কিন্তু হিজাবৰ ক্ষেত্ৰত আপোচ নকৰো৷’’ বুলি নিলম্বিত ছাত্ৰীসকলে উদাত্ত কণ্ঠৰে এইদৰে প্ৰতিবাদ কৰিছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ