মাজনিশা দুটাকৈ ভূমিকম্পই জোকাৰি যায় এইখন দেশ, বিস্তৰ ক্ষতি, জনসাধাৰণৰ মাজত হাহাকাৰ
মাজনিশা অহা দুটাকৈ ভূমিকম্পৰ ভয়ত ত্রাহি মধুসূদন সুঁৱৰিছে কেৰিবিয়ান দেশ কিউবাই। দেশ খনৰ জনসাধাৰণৰ মাজত এক প্ৰকাৰৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। এটা নহয় একেলগে দুটা ভূমিকম্প এটা ৬.৮ ৰিখটাৰ স্কেলৰ আনটো ৫.৯ ৰিখটাৰ স্কেলৰ ভূমিকম্পই জোকাৰি যায় দেশখন।
ৰাফেল ঘূৰ্ণীবতাহৰ পাছতে ভূমিকম্পই বিধ্বংসী চলাইছে দেশখনত। দেওবাৰে মাজনিশা অহা এই ভূমিকম্পত বৰ্তমানলৈ কোনো লোকৰ মৃত্যুৰ খবৰ অহা নাই যদিও , বিস্তৰ ক্ষতি হৈছে দেশখনত।
ছুনামীৰ কোনো সতৰ্কবাণী দিয়া হোৱা নাই যদিও দুটাকৈ ভূমিকম্পৰ ফলত বিভিন্ন ঠাইত ভূমিস্খলনৰ লগতে বহু অট্টালিকা, ঘৰ আদিৰ ক্ষতি হয়। লগতে বিদ্যুৎ সংযোগো ব্যাহত হৈ পৰে বিভিন্ন এলেকাত।
বেছিভাগ চহৰতে মানুহে ঘৰৰ বাহিৰত ৰাতি কটায়। গোটেই ৰাতি মানুহবোৰ ল’ৰা-ছোৱালী আৰু পৰিয়ালৰ সৈতে ৰাজপথত বহি থাকে। উদ্ধাৰকাৰী দলেও চাইৰেণ বজাই জনতাৰ সুৰক্ষাৰ বাবে তহল দিয়ে।
আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি ভূমিকম্পৰ আটাইতকৈ বেছি অনুভৱ হৈছে ছান্টিয়াগো ডি কিউবাত। কিউবাৰ পূব অংশতো ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছিল। ভূমিকম্পৰ প্ৰভাৱ গুয়ান্তানামো আৰু জামাইকাতো দেখা গৈছে।
পূব কিউবাৰ দক্ষিণ গ্ৰেনমা প্ৰদেশৰ বাৰ্টল’মে মাছ’ৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দক্ষিণে প্ৰথমটো ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল আৰু ইয়াৰ গভীৰতা ১৪.৬ মাইল (২৩.৫ কিলোমিটাৰ)। দেওবাৰে এইটোৱেই আছিল আটাইতকৈ শক্তিশালী ভূমিকম্প, যাৰ তীব্ৰতা আছিল ৬.৮। এই ভূমিকম্পটোৰ এঘণ্টাৰ পিছত সংঘটিত হৈছিল আন এটা ভূমিকম্প, যাৰ মাত্ৰা আছিল ৫.৯ ৰিখটাৰ স্কেল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ