অসমত পুনৰ পাকিস্তানী চোৰাংচোৱাৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত ৬জনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। গুৱাহাটীৰ পৰা এই ৬জন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। পাকিস্তানী চোৰাংচোৱা অপাৰেটিভৰ সৈতে তেওঁলোকৰ সম্পৰ্ক থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।
সামৰিক চোৰাংচোৱাৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চ (STF)য়ে অভিযান চলাই অভিযুক্তকেইজনক গ্ৰেপ্তাৰ কৰে। অভিযোগ অনুসৰি, অভিযুক্তসকলে মিউল বেংক (Mule Bank)ৰ জৰিয়তে দেশজুৰি বিত্তীয় প্ৰৱঞ্চনাৰ সৈতে জড়িত আছিল।
আৰক্ষীৰ তথ্য অনুসৰি, মাত্ৰ ৪৭ দিনৰ ভিতৰতে অভিযুক্তসকলে লাখে লাখে টকা সংগ্ৰহ কৰিছিল। এই বিত্তীয় লেনদেনৰ আঁৰত পাকিস্তানী চোৰাংচোৱা অপাৰেটিভৰ সৈতে কোনো সম্পৰ্ক আছে নেকি, সেই দিশটোও তদন্তৰ আওতালৈ আহিছে।
গ্ৰেপ্তাৰ হোৱা অভিযুক্তকেইজন হৈছে— হিমাংশু দাস, ৰেকিব হুছেইন, মাৰ্জিনা বেগম, মফিজুল হক, ইফটাৰ হুছেইন আৰু আৰমান আজুজ হক
এই ঘটনাক লৈ অসম আৰক্ষীৰ তদন্ত অব্যাহত আছে। অভিযুক্তসকলৰ পাকিস্তানী চোৰাংচোৱা নেটৱৰ্কৰ সৈতে প্ৰকৃততে কোনো সম্পৰ্ক আছে নে নাই, লগতে দেশজুৰি চলোৱা বিত্তীয় প্ৰৱঞ্চনাৰ আঁৰত কোন জড়িত, সেই সন্দৰ্ভত অধিক তথ্য তদন্তৰ পিছত পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















