অসম লাইভ২৪ঃ আকৌ হেলিকপ্টাৰ দুৰ্ঘটনা। নেপালত এটাৰ পাছত আনটো হেলিকপ্টাৰ দুৰ্ঘটনা। ৬জন যাত্ৰীসহিতে পুৱা প্ৰায় ১০ বজাত নিখোজ হৈছিল হেলিকপ্টাৰখন। শেহতীয়াকৈ নেপালৰ উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিছে নিখোজ হেলিকপ্টাৰৰ ভগ্নাৱশেষ। হেলিকপ্টাৰৰ ভিতৰত আছিল ৬গৰাকীকৈ যাত্ৰী। তাৰেই ৫গৰাকীয়েই বিদেশী। ৫গৰাকীয়েই মেক্সিকোৰ নাগৰিক। মাউণ্ট এভাৰেষ্টৰ কাষতেই সংঘটিত হৈছে এই দুৰ্ঘটনা। কাঠমাণ্ডুৰ এটা সংবাদমাধ্যমে প্ৰকাশ কৰা অনুসৰি মঙলবাৰে পুৱা ৯বাজি ৪৫ মিনিটত মানাংৰ পৰা কাঠমাণ্ডুলৈ ৰাওনা হওঁতেই হঠাৎ নিখোজ হৈ পৰে বিমানখন। উৰণৰ ১৫ মিনিটৰ পাছতেই নিখোজ হৈ পৰিছিল হেলিকপ্টাৰখন। নেপালৰ ছুলুখোম্বো জিলাৰ লিখুপি লামজুলাত উদ্ধাৰ হৈছে হেলিকপ্টাৰৰ ভগ্নাৱশেষ।
উদ্ধাৰকাৰ্য বৰ্তমানো চলি আছে। উদ্ধাৰকাৰী দলে জনোৱামতে হেলিকপ্টাৰখন ভাঙি পৰাৰ লগে লগেই জুই লাগে। অগ্নিদগ্ধ হৈয়েই ৬যাত্ৰীয়ে মৃত্যুক আঁকোৱালি লৈছে।
ইতিমধ্যে হেলিকপ্টাৰ দুৰ্ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে নেপাল প্ৰশাসনে। যান্ত্ৰিক বিজুতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰিছে উদ্ধাৰকাৰী দলে। দুৰ্ঘটনাত পতিত হোৱা হেলিকপ্টাৰখন 9N-AMVৰ বুলি জনাইছে নেপাল প্ৰশাসনে। ইপিনে এই হেলিকপ্টাৰৰ পাইলট হিচাপে আছিল কেপ্টেইন ছিত বাহাদুৰ গুৰুং।
চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহতো নেপালত সংঘটিত হৈছিল বিমান দুৰ্ঘটনা। এয়াৰলায়েন্সৰ এখন যাত্ৰীবাহী বিমান ভাঙি পৰি ক্ৰুসহিতে বিমানৰ ৭২গৰাকী যাত্ৰীয়েই মৃত্যুক সাবটি লৈছিল। কাঠমাণ্ডু বিমানবন্দৰৰ তথ্য অনুযায়ী বিমানখনত নেপালী সম্প্ৰদায়ৰ লোক আছিল ৫৩ জন, ৫গৰাকী ভাৰতীয়, ৮গৰাকী ৰাছিয়ান, ১জন আয়াৰলেণ্ডৰ, ২জন কোৰিয়ান আৰু এজন আৰ্জেণ্টিনাৰ আৰু এজন ফ্ৰান্সৰ নাগৰিক।
পোখৰাৰ পৰা ৰাজধানী কাঠমাণ্ডুলৈ যাত্ৰা কৰিছিল বিমানখনে। বিমানখন প্ৰায় ১৫বছৰ পুৰণি আছিল বুলি প্ৰাথমিক তদন্তত প্ৰকাশ কৰিছিল নেপাল প্ৰশাসনে। এই ঘটনাৰ কেইবামাহ পাছত আকৌ একেই ঘটনাৰ পুনৰাবৃত্তি। উল্লেখ্য যে ২০২২ চনতো নেপালত বিমান দুৰ্ঘটনা সংঘটিত হৈছিল। মে মাহত টাটাৰ এখন বিমান মুছতাং জিলাৰ এটা পাৰ্বত্য এলেকাত ভাঙি পৰিছিল। ঘটনাত মুঠ ২২ জন লোকৰ মৃত্যু হৈছে। মৃতদেহৰ মাজত ৪জন ভাৰতীয় আৰু ২জন জাৰ্মান নাগৰিক আছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ