অসম লাইভ২৪ঃ ভগৱান শিৱ সপোনত আহিছিল। আহিয়েই শিৱই জনাইছিল এটি শিশু বলি দিলে সকলো মনোকামনা পূৰ্ণ হ’ব। সপোনটো দেখাৰ পিছতেই সেয়া বাস্তৱৰূপ দিবলৈ আগবাঢ়িল ব্যক্তিগৰাকী। ভগৱান শিৱই দেখুওৱা মতেই ব্যক্তিজনে এটি ৬ বছৰীয়া শিশুৰ বলি দিলে। ঘটনাটো দক্ষিণ দিল্লীৰ লোধি কলনিৰ। শিশুটিৰ মৃত্যু সন্দৰ্ভত আৰক্ষীয়ে চলোৱা জেৰাত পোহৰলৈ আহিছে সকলো তথ্য।
দিল্লীৰ লোধি কলনিত CRPF-ৰ মুখ্য কাৰ্যালয় নিৰ্মাণৰ কাম চলি আছে। শনিবাৰে নিশাৰভাগত সেই স্থানতেই সংঘটিত হৈছে এই হত্যাকাণ্ডটো। এই হত্যাকাণ্ডত জড়িত ধৃত দুই যুৱকক আটক কৰিবলৈ সক্ষম হৈছে দিল্লী আৰক্ষী। হত্যাকাণ্ডত জড়িত দুই যুৱক ক্ৰমে বিজয় কুমাৰ আৰু অমন কুমাৰ দুয়ো বিহাৰৰ বাসিন্দা। কাৰ্যালয় নিৰ্মাণৰ কামত বিজয় আৰু অমন দুয়োয়ে নিয়োজিত হৈ আছিল। ইপিনে হত্যা কৰা শিশুটিৰ পিতৃও সেই কাৰ্যালয় নিৰ্মাণৰ কামত জড়িত হৈ থকা এগৰাকী শ্ৰমিক।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতেই ধৃত অমন আৰু বিজয়ক জেৰা অব্যাহত ৰাখিছে। জেৰাত দুই ধৃত-এ দিয়া স্বীকাৰোক্তি অনুসৰি শনিবাৰে নিশা প্ৰায় ১০.৩০ বজাত শিশুটি শ্ৰমিকৰ শিবিৰলৈ গৈছিল। শিবিৰৰ পৰা শিশুটিক ধৃত অমন আৰু বিজয়ে নিৰ্মীয়মান হেড কোৱাৰ্টাৰলৈ মাতি নিয়ে। চিনাকী হেতুকে দুয়োৰে সৈতে যাবলৈ ৰাজীও হ’ল শিশুটি। অৱশেষত নিৰ্মীয়মান কাৰ্যালয়টোতেই দুই যুৱকে ডিঙি কাটি হত্যা কৰে শিশুটিক।
শিশুটিক আক্ৰমণ কৰাৰ সময়ত শিশুটিয়ে চিঞৰ-বাখৰ কৰাত চৌপাশৰ ব্যক্তিসকল তাত উপস্থিত হৈছিল যদিও শিশুটিক মৃত অৱস্থাত উদ্ধাৰ কৰে স্থানীয় প্ৰতিবেশীয়ে। ইপিনে হত্যাত জড়িত অমন আৰু বিজয়ক হাতে-লোটে ধৰি আৰক্ষীক গতাই স্থানীয় বাসিন্দাই।
উল্লেখ্য যে অমন আৰু বিজয়ে আৰক্ষীক দিয়া স্বীকাৰোক্তি অনুসৰি তেওঁলোক দুয়োৰে সপোনত ভগৱান শিৱ আহিছিল। আৰু শিৱই দুয়োৰে পৰা এটি শিশুৰ বলি বিচাৰিছিল। ভগৱান শিৱৰ নিৰ্দেশ মানিয়েই এই কাম কৰা বুলি প্ৰকাশ কৰিছে ধৃত অমন-বিজয়ে। আনহাতে ঘটনাটোক লৈ স্থানীয় লোক তথা পৰিয়ালবৰ্গই দোষীৰ উপযুক্ত শাস্তিৰ দাবী তুলিছে যদিও দুই অপৰাধীক কি ৰায় দিয়ে আদালতে সেয়া সময়তহে পৰিলক্ষিত হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















