NDA মিত্ৰজোঁটত থকা অসম গণ পৰিষদে ঘোষণা কৰিলে তেওঁলোকৰ প্ৰাৰ্থী তালিকা৷ অগপৰ প্ৰাৰ্থী তালিকাক লৈ আৰম্ভ হৈছে চৰ্চা৷ অগপৰ ২৬ জনীয়া লিষ্টত ১৩গৰাকী প্ৰাৰ্থীয়েই মুছলমান৷ বহু প্ৰত্যাশী লিষ্টক লৈ বহুজনেই তুলিছে প্ৰশ্ন৷ মিঞাৰ ভোট নালাগে বুলি মুকলিকৈ কোৱা বিজেপি দলৰ সৈতে এলায়েন্সত থকা এটা দলে কেনেকৈ মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে সেই প্ৰশ্নও বহুতৰে মনত উদয় হৈছে৷
ইতিমধ্যেই হিমন্ত বিশ্ব শৰ্মাই বিজেপি দলৰ ৮৮ জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা কৰিছিল৷ ১২৬ সমষ্টিৰ প্ৰাৰ্থী তালিকাক লৈ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে ২৬ টা সমষ্টি তেওঁলোকে এৰি দিছে অগপ দলক৷ তাৰপিছতেই জনসাধাৰণ ৰৈ আছিল অগপৰ প্ৰাৰ্থী তালিকাত কোন কোন থাকিব? পুৰণি কোনোবা প্ৰাৰ্থীৰ টিকট কটা যাব নেকি সেই প্রশ্নও উঠিছিল৷
বহু প্ৰত্যাশাৰ অন্ত পেলাই দিয়া হৈছে অসম গণ পৰিষদৰ বিশেষ লিষ্ট৷ তলত দাঙি ধৰা হৈছে কোন সমষ্টিত কোনে টিকট লাভ কৰিলে?

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















