মূৰত ঋণৰ সহিব নোৱৰা বোজা। এই চাপ সহ্য কৰিব নোৱাৰিলেই একেলগে আত্মঘাতী হল একে পৰিয়ালৰ ৭গৰাকী সদস্য। হাৰিয়ানাৰ পঞ্চকুলা এলেকাত এখন বন্ধ বাহনৰ পৰা তেওঁলোকৰ দেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে। সেই পৰিয়ালটো ডেৰাডুনৰ বাসিন্দা বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে। সোমবাৰে নিশা পৰিয়ালৰ আটাইকেইগৰাকী সদস্যই বিষ সেৱন কৰি আত্মঘাতী হৈছে। যিখন বাহনত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ হৈছে তাতেই পোৱা গৈছে ছুইচাইড নোটো। তাত উল্লেখ আছে যে ঋণৰ বোজাৰ বাবেই তেওঁলোকে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
আৰক্ষী সূত্ৰৰ খবৰ অনুসৰি পঞ্চকুলাৰ চেক্টৰ ২৭ এলেকাৰ এখন ঘৰৰ সন্মুখত ৰাস্তাৰ কাষত ঠিয় দি আছিল বাহনখনে। সেই বাহন ভিতৰৰ পৰা লক কৰা আছিল। দীৰ্ঘ সময় ধৰি বাহনখন ৰাস্তাৰ কাষ থিয় হৈ থকা দেখি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে। লগে লগেই সেই স্থানত আৰক্ষী উপস্থিত হৈ বাহনৰ ভিতৰৰ পৰা আটাইকেইটা দেহ উদ্ধাৰ কৰিছে। আৰক্ষী সূত্ৰৰ খবৰ অনুসৰি তেওঁলোক উদ্ধাৰ অভিযান চলোৱাৰ সময়ত আটাইকেইগৰাকীকেই মৃত অৱস্থাত লাভ কৰিছিল। হাস্পতাললৈ লৈ যোৱাৰ ব্যৱস্থাও কৰিছিল আৰক্ষীয়ে। হাস্পতালত চিকিৎসকে আটাইকেইগৰাকীকে মৃত ঘোষণা কৰে। আৰক্ষীয়ে উদ্ধাৰ হোৱা দেহৰ পৰিচয়ো প্ৰকাশ কৰিছে। বাহনৰ পৰা উদ্ধাৰ হৈছে প্ৰবীণ মিত্তল, প্ৰবীণৰ পিতৃ-মাতৃ আৰু তেওঁৰ পত্নী আৰু তিনি নাবালক সন্তান। ডেৰাডুনৰ বাসিন্দা প্ৰবীণ মিত্তাল আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে পঞ্চকুলাত থকা বাঘেশ্বৰ ধামৰ ধৰ্মীয় অনুষ্ঠানত যোগ দিবৰ বাবে আহিছিল। সোমবাৰে সেই অনুষ্ঠানত যোগ দিয়াৰ পাছতেই বাহনেৰে ঘৰলৈ উভতাৰ পথত তেওঁলোকে চৰম সিদ্ধান্ত গ্ৰহণ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















