এই ৭ তাৰকাই সন্তানৰ নামৰ টাটু বনাইছে শৰীৰত, কোনোৱে আকৌ ভৰিৰ চাপ
টাটু বনোৱাতো এক চখত পৰিণত হোৱাৰ দৰে। বহু তাৰকাই নিজৰ শৰীৰত টাটু বনাই সেই টাটু অনুৰাগীক দেখুৱালৈ ইচ্ছা কৰে। তাৰে মাজতে আকৌ কিছু তাৰকাই টাটু বনাই ট্ৰোলৰো সন্মুখিন হৈছে।
প্ৰাক্তন প্ৰেমিক প্ৰেমিকাৰ নাম শৰীৰত টাটু কৰি ট্ৰোলৰ সন্মুখিন হৈছে কেইবাগৰাকী তাৰকা। পাছে তাৰে মাজেত কিছু এনে তাৰকা আছে যিয়ে আজে-বাজে টাটুৰ সলনি নিজৰ সন্তানৰ নামৰে টাটু বনাই লৈছে শৰীৰত
সন্তানৰ প্ৰতি থকা ভালপোৱা প্ৰকাশ কৰিবলৈকে টাটু বনাইছে বহু কেইগৰাকী তাৰকাই। কোনোৱে যদি নামৰ টাটু বনাইছে কোনো তাৰকাই আকৌ সন্তানৰ ভৰিৰ চাপ বহুৱাই লৈছে টাটু হিচাপে।
সেই তাৰকাসকল হৈছে-
বিক্ৰান্ত মেছী- সদ্যহতে এটি পুত্ৰ সন্তানৰ পিতৃ হোৱা ‘১২ ফেইল’ ছবি খ্যাত অভিনেতা বিক্ৰান্ত মেছীয়ে পুত্ৰৰ নামৰ টাটু বনাইছে বাহুত।
অজয় দেৱগণ- বলীউডৰ ছুপাৰষ্টাৰ অজয় দেৱগণে বুকুত খোদিত কৰিছে কন্যা নীশাৰ নাম। কন্যা নীশাক বহুত ভাল পোৱা অজয়ৰ কথা বলীউডত সৰ্বজনবিদিত।
অক্ষয় কুমাৰ- খিলাড়ী অভিনেতা অক্ষয়েও শৰীৰত টাটু বনাইছে সন্তানৰ নামৰ। পুত্ৰ আৰৱৰ নামৰ টাটু বনাইছে পিঠিত।
অৰ্জুন ৰামপাল- অভিনেতা অৰ্জুন ৰামপালৰ দুগৰাকী কন্যা। দুয়োগৰাকী কন্যাৰে নামৰ টাটু দুই বাহুত বনাইছে । প্ৰায়ে সেই টাটু দেখুওৱা দেখা গৈছে অভিনেতাগৰাকীক।
ৰবীনা টেণ্ডন- ৯০ দশকৰ অতিকে জনপ্ৰিয় অভিনেত্ৰী ৰবীনা টেণ্ডনেও সন্তানৰ নামৰ টাটু বনাইছে শৰীৰত। দুয়ো সন্তানৰ কুস্তিৰ নাম বৰদান আৰু বিশাখা নাম পিছ কান্ধত বনাইছে।
সুস্মিতা সেন – নিজে সন্তান জন্ম নিদিলেও তুলি লোৱা দুয়ো সন্তানৰে নাম শৰীৰত খোদিত কৰিছে প্ৰাক্তন ব্ৰহ্মাণ্ড সুন্দৰী সুস্মিতা সেনে।
ইমৰান খান- অভিনেতা ইমৰান খানে আকৌ নাম খোদিত কৰা নাই। সন্তানৰ ভৰিৰ চাপ টাটু হিচাপে খোদিত কৰাই লৈছে বুকুত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ