• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতীয় কম্পিউটাৰ আৰু স্মাৰ্টফোনৰ সময় ঠিক কৰিব ইছৰোৰ পাৰমাণৱিক ঘড়ীয়ে! কিয় মহাকাশলৈ পঠিওৱা হৈছে পাৰমাণৱিক ঘড়ী?

ভাৰতীয় কম্পিউটাৰ আৰু স্মাৰ্টফোনৰ সময় ঠিক কৰিব ইছৰোৰ পাৰমাণৱিক ঘড়ীয়ে! কিয় মহাকাশলৈ পঠিওৱা হৈছে পাৰমাণৱিক ঘড়ী?

2 years ago
এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

8 hours ago
৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

8 hours ago
জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

9 hours ago
আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

10 hours ago
এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

10 hours ago
শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

12 hours ago
সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

12 hours ago
শৰীৰৰ ষ্টেমিনা কিয় কমে?

শৰীৰৰ ষ্টেমিনা কিয় কমে?

13 hours ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, জানক কিদৰে কৰিব আবেদন

14 hours ago
৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?

৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?

14 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

14 hours ago
‘মহিলাৰ বুকুত বলপূৰ্বকভাৱে হাত দিয়া কাৰ্য ধৰ্ষণৰ অপচেষ্টা নহয়’

‘মহিলাৰ বুকুত বলপূৰ্বকভাৱে হাত দিয়া কাৰ্য ধৰ্ষণৰ অপচেষ্টা নহয়’

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভাৰতীয় কম্পিউটাৰ আৰু স্মাৰ্টফোনৰ সময় ঠিক কৰিব ইছৰোৰ পাৰমাণৱিক ঘড়ীয়ে! কিয় মহাকাশলৈ পঠিওৱা হৈছে পাৰমাণৱিক ঘড়ী?

editor by editor
March 31, 2024
in জীৱনশৈলী, প্ৰযুক্তি, বিজ্ঞান, বিবিধ, ভাৰত, লেখা, শিক্ষা
0
ভাৰতীয় কম্পিউটাৰ আৰু স্মাৰ্টফোনৰ সময় ঠিক কৰিব ইছৰোৰ পাৰমাণৱিক ঘড়ীয়ে! কিয় মহাকাশলৈ পঠিওৱা হৈছে পাৰমাণৱিক ঘড়ী?
0
SHARES
58
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অতি শীঘ্ৰেই ভাৰতীয় কম্পিউটাৰ আৰু স্মাৰ্টফোনৰ সময় নিয়ন্ত্ৰণ কৰিব ইছৰোৰ ‘ৰুবিডিয়াম পাৰমাণৱিক ঘড়ী’য়ে। অৰ্থাৎ ‘ৰুবিডিয়াম পাৰমাণৱিক ঘড়ী’ৰ সময় অনুসৰি ভাৰতীয় কম্পিউটাৰসমূহৰ সময় নিৰ্ধাৰিত হ’ব। বিগত বছৰৰ এটা ২ জি নেভিগেছন কৃত্ৰিম উপগ্ৰহৰ মাধ্যমেৰে নিজে তৈয়াৰ কৰা ‘ৰুবিডিয়াম পাৰমাণৱিক ঘড়ী’ মহাকাশলৈ পঠিয়াইছিল ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই। বৰ্তমান ভাৰতীয় কম্পিউটাৰসমূহৰ সময় আমেৰিকাৰ নেটৱৰ্ক টাইম প্ৰটকলৰ মাধ্যমেৰে নিয়ন্ত্ৰিত হয়।

ইয়াৰ পূৰ্বে মাত্ৰ চাৰিটা মহাকাশ সংস্থাৰ ওচৰত নিজা পাৰমাণৱিক ঘড়ী আছিল। ইছৰো সেই তালিকাত পঞ্চম। ভাৰতৰ আঞ্চলিক দিকনিৰ্ণায়ক উপগ্ৰহ ব্যৱস্থা ‘ইণ্ডিয়ান ৰিজিয়োনেল নেভিগেছন ছেটেলাইট চিষ্টেম বা নাবিকৰ ব্যৱহাৰৰ বাবে এই পাৰমাণৱিক ঘড়ী প্ৰস্তুত কৰিছিল ইছৰোৱে। কাৰ্গিল যুদ্ধৰ সময়ত আমেৰিকাৰ চৰকাৰে ভাৰতক জিপিএছ বা গ্লৱেল পজিছনিং চিষ্টেম ব্যৱহাৰ কৰিবলৈ নিদিও বুলি কোৱাৰ পাছতেই ভাৰতে পাৰমাণৱিক ঘড়ী তৈয়াৰ কৰাৰ সিদ্ধান্ত লৈছিল।

২০১৩ ৰ পৰা ২০২৩ চনৰ মাজত ‘নাবিক’ৰ অংশ হিচাপে ৯টা কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰা হয়। আমেৰিকান জি পি এছ ব্যৱস্থাৰ বিকল্প হিচাপে নাবিকৰ সূচনা কৰিছিল ভাৰতে। ১৫বছৰ পূৰ্বে ১৪২০কোটি টকা ব্যয়েৰে চৰকাৰে এই প্ৰকল্পত অনুমোদনো দিছিল। ভাৰতীয় উপমহাদেশৰ স্থলভাগ আৰু ভাৰতীয় উপকূল এৰি ১৫০০ কিঃমিঃ জলভাগৰ অৱস্থান নিৰ্ধাৰণ কৰে নাবিকে। ২০১৩ৰ পৰা ২০২৩ চনলৈকে নাবিক প্ৰকল্পৰ আওতাত যি ৯টা কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰা হৈছে তাৰ প্ৰত্যেকটোতেই একোটাকৈ ৰুবিডিয়াম ঘড়ী আছে। অৱশ্যে প্ৰত্যেকটা ৰুবিডিয়াম ঘড়ীয়েই আমদানি কৰা। দেশীয় পদ্ধতিত তৈয়াৰ কৰা ৰুবিডিয়াম ঘড়ী বিগত বছৰৰ মে মাহত মহাকাশলৈ পঠিওৱা হৈছিল।

কি এই পাৰমাণৱিক ঘড়ী?

পাৰমাণৱিক ঘড়ী হৈছে এনে এক ঘড়ী যিয়ে সকলোতকৈ সুনিৰ্দিষ্ট সময় দেখুৱাই। ১ ছেকেণ্ডত ১০০ কোটি ভাগৰ সময়কো নিখুঁতভাৱে দেখুৱাব পাৰে পাৰমাণৱিক ঘড়ীয়ে। ঘড়ীত ব্যৱহৃত পাৰমাণৱিক বিশেষ কম্পাঙ্ক অনুসৰিহে সময় দেখুৱাই ৰুবিডিয়াম ঘড়ীয়ে। পাৰমাণৱিক আৰু ইলেক্ট্ৰনে বিভিন্ন মাত্ৰাৰ শক্তি বহন কৰে। যেতিয়া এটা ইলেক্ট্ৰন উত্তেজিত হয় বা আৰু শক্তি বৃদ্ধি কৰে তেতিয়া ই ভিন্ন কক্ষপথলৈ স্থানান্তৰিত হয়। পাৰমাণৱিক ঘড়ীত ইলেক্ট্ৰমেগনেটিক বিকিৰণৰ এটা নিৰ্দিষ্ট কম্পাঙ্ক ব্যৱহাৰ কৰি সময়ৰ মাপ উলিওৱা হয়।

কিয় দিকনিৰ্ণায়ক উপগ্ৰহত পাৰমাণৱিক ঘড়ীৰ প্ৰয়োজন?
দিকনিৰ্ণায়ক কৃত্ৰিম উপগ্ৰহসমূহে দিশ আৰু দূৰত্ব নিৰ্ধাৰণ কৰে। সেই দূৰত্ব নিৰ্ভুলভাৱে নিৰ্ধাৰণ কৰিবলৈ পাৰমাণৱিক ঘড়ীৰ প্ৰয়োজন। বিভিন্ন কক্ষপথ আৰু বিভিন্ন স্থানত বিভিন্ন কৃত্ৰিম উপগ্ৰহৰ ভিতৰত সময়ৰ পাৰ্থক্য পৃথিৱীৰ অৱস্থান নিৰ্ধাৰণত ব্যৱহৃত হয়। সেয়ে নিৰ্ভুল সময় পৰিমাপৰ প্ৰয়োজন আছে। দিকনিৰ্ণায়ক এই উপগ্ৰহসমূহে স্ফটিক ঘড়ীও বহন কৰে। যি সাধাৰণ সময়ৰ হিচাপ দিবৰ বাবে ব্যৱহাৰ কৰা হয় যদিও পাৰমাণৱিক ঘড়ীৰ দৰে নিৰ্ভুল তথ্য কিন্তু এই ঘড়ীয়ে দিব নোৱাৰে।

সৰ্বাধিক জনপ্ৰিয় আৰু বহুল ব্যৱহৃত পাৰমাণৱিক ঘড়ীসমূহত ছিজিয়াম পৰমাণু ব্যৱহাৰ কৰা হয়। অৱশ্যে ইছৰোৱে তৈয়াৰ কৰা পাৰমাণৱিক ঘড়ীত ৰুবিডিয়াম পৰমাণু ব্যৱহাৰ কৰা হৈছে। ইয়াৰ পূৰ্বে ইছৰোৰ উপগ্ৰহসমূহত ইউৰোপীয় সংস্থা ‘আষ্ট্ৰিয়াম’ৰ পৰা আমদানি কৰা পাৰমাণৱিক ঘড়ী ব্যৱহাৰ কৰা হৈছিল। ‘নাবিক’ৰ প্ৰথম ৭টা উপগ্ৰহৰ প্ৰতিটোতে তিনিটাকৈ ৰুবিডিয়াম ঘড়ী আছিল। ইয়াৰ পাছত দেখা যায় যে ২১টা পাৰমাণৱিক ঘড়ীৰ ভিতৰত ৯টাতেই ত্ৰুটি আছে। ফলত পাছলৈ দুটা উপগ্ৰহত ৪টাকৈ পাৰমাণৱিক ঘড়ী পঠিওৱা হয়। দশমটো কৃত্ৰিম উপগ্ৰহত ভাৰতে নিজে তৈয়াৰ কৰা ৰুবিডিয়াম ঘড়ী পঠিয়াইছে ভাৰতে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি
জীৱনশৈলী

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

July 15, 2026
৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী
জীৱনশৈলী

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

July 15, 2026
জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব
জীৱনশৈলী

জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

July 15, 2026
আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ
বিনোদন

আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

July 15, 2026
Next Post
মানুহ হিচাপে এই সন্মানৰ যোগ্য নহয়, এই সন্মান মোৰ নীতি আৰু আদৰ্শক দিয়া সন্মান, ঘৰলৈ গৈ ৰাষ্ট্ৰপতিয়ে আদৱানীক দিলে ভাৰতৰত্ন সন্মান

মানুহ হিচাপে এই সন্মানৰ যোগ্য নহয়, এই সন্মান মোৰ নীতি আৰু আদৰ্শক দিয়া সন্মান, ঘৰলৈ গৈ ৰাষ্ট্ৰপতিয়ে আদৱানীক দিলে ভাৰতৰত্ন সন্মান

কমিছে যোগান, বিশ্বক চমক দি বালিৰ বিকল্পৰ সন্ধান উলিয়ালে ভাৰতৰ এদল বিজ্ঞানীয়ে

কমিছে যোগান, বিশ্বক চমক দি বালিৰ বিকল্পৰ সন্ধান উলিয়ালে ভাৰতৰ এদল বিজ্ঞানীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.