দীৰ্ঘদিনীয়া প্ৰতীক্ষা দূৰ হ’ব৷ শীঘ্ৰেই অষ্টম দৰমহা কমিছনৰ বিষয়ে চূড়ান্ত সিদ্ধান্ত ল’ব কমিটিয়ে৷ নিয়ম মানি চলিলে মূল দৰমহাৰ ওপৰত ভিত্তি কৰি কৰ্মীসকলৰ হাতলৈ আহিব পাৰে সৰ্বনিম্ন ৩.৬ লাখ টকাৰ পৰা সৰ্বোচ্চ ১৫ লাখ টকা৷ কি কৈছে ইকনমিক টাইমছৰ ৰিপৰ্টে?
হাতলৈ কেতিয়া আহিব ধন?
জল্পনা এতিয়াও শেষ হোৱা নাই৷ অষ্টম দৰমহা কমিছনক লৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনভোগীসকলৰ মাজত এক চৰম উত্তেজনা৷ ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা এই কমিছন কাৰ্যকৰ হোৱাৰ কথা থাকিলেও ইয়াৰ বাস্তবায়নক লৈ নানান গুঞ্জন চলিছে৷ ইকোনমিক টাইমছে প্ৰকাশ কৰিছে সমগ্ৰ বিষয়৷
২০ মাহৰ বকেয়াৰ ওপৰিও দৰমহা কিমান বৃদ্ধি হ’ব?
বৰ্তমান অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰঞ্জনা প্ৰকাশ দেশাইৰ নেতৃত্বত এক কমিটি গঠন কৰা হৈছে যিয়ে এই কমিছনৰ ৰূপৰেখাক লৈ কাম কৰিছে৷ ২০২৬ বা ২০২৭ চনৰ শেষত এই বিষয়ত চূড়ান্ত সিদ্ধান্ত আহিব পাৰে৷
কিয় ২০ মাহৰ বকেয়াক লৈ আলোচনা হৈছে?
নিয়ম অনুসৰি অষ্টম দৰমহা কমিছন ১ জানুৱাৰী ২০২৬ ৰ পৰা কাৰ্যকৰ হোৱা কথা৷ কিন্তু যদি চৰকাৰৰ সিদ্ধান্ত ল’বলৈ বা বাস্তবায়ন কৰিবলৈ ২০ মাহ দেৰী হয় তেতিয়া নিয়ম মানিয়েই কৰ্মচাৰীয়ে পূৰ্বৰ সমগ্ৰ ধন এৰিয়াৰ বা বকেয়া হিচাপে লাভ কৰিব৷
বকেয়া ধনৰ পৰিমাণ
ইয়াত সৰ্বনিম্ন ৩.৬ লাখ টকাৰ পৰা সৰ্বোচ্চ ১৫ লাখ টকা পৰ্যন্ত হ’ব পাৰে৷ বেছিক পে বা মূল দৰমহাৰ ওপৰত ভিত্তি কৰে৷
ফিটমেণ্ট ফেক্টৰ কি, কিয় ই গুৰুত্বপূৰ্ণ?
দৰমহা বৃদ্ধিৰ মূল চাবিকাঠি হৈছে ফিটমেণ্ট ফেক্টৰ৷ ই যেনেকৈ এক সংখ্যা যি বৰ্তমান মূল দৰমহাৰ সৈতে গুণ কৰি নতুন মূল দৰমহা নিৰ্ধাৰণ কৰা হয়৷
সপ্তম দৰমহা কমিছনত ফিটমেণ্ট ফেক্টৰ আছিল ২.৫৭
অষ্টম দৰমহা কমিছনৰ দাবীঃ কৰ্মচাৰী ইউনিয়নসমূহে ৩.০ ৰ পৰা ৩.২৫ ফিটমেণ্ট ফেক্টৰৰ দাবী জনাইছে কাৰণ বিগত ১০ বছৰত জীৱনযাত্ৰাৰ ব্যয় আৰু মুদ্ৰাস্ফীতি বহুগুণ বাঢ়িছে৷
সম্ভাৱ্য দৰমহা বৃদ্ধিৰ হিচাপ
ফিটমেণ্ট ফেক্টৰ বাঢ়িলে কিমান বাঢ়িব পাৰে দৰমহা?
লেভেল ১ ৰ বৰ্তমান মূল দৰমহা ১৮০০০ টকা সম্ভাৱ্য নতুন দৰমহা হ’ব ৩৬০০০-৪৬২৬০
লেভেল ৬ৰ বৰ্তমান মূল দৰমহা ৩৫৪০০ টকা৷ সম্ভাৱ্য নতুন দৰমহা হ’ব ৭০,৮০০-৯০,৯৭৮টকা
লেভেল ৮ৰ বৰ্তমান মূল দৰমহা ৪৭,৬০০৷ সম্ভাৱ্য নতুন দৰমহা হব ১২০,০০০ তকৈ বেছি৷
এই হিচাপ ৩.০ বা তাতকৈ বেছি ফিটমেণ্ট ফেক্টৰৰ ওপৰত ভিত্তি কৰি কৰা হৈছে৷ চূড়ান্ত সিদ্ধান্ত চৰকাৰৰ ঘোষণাৰ পাছতহে জানিব পৰা যাব৷
কেতিয়া হাতলৈ আহিব এই সাম্ভাৱ্য ধন?
কমিছনে বৰ্তমান বিভিন্ন পক্ষৰ পৰামৰ্শ গ্ৰহণ কৰি আছে৷ আশা কৰা হৈছে ২০২৭ চনৰ আৰম্ভণিৰ দিশত এই বিষয়ে চূড়ান্ত বিজ্ঞাপ্তি জাৰি হ’ব পাৰে৷ যিহেতু ২০২৬ চনত এয়া কাৰ্যকৰ হোৱা কথা সেয়ে কৰ্মীসকলে ১৮ৰ পৰা ২৪ মাহৰ বকেয়া ধনো এককালীনভাৱে পোৱাৰ আশা ৰাখিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















