অসম লাইভ ২৪ঃ সাগৰীয় ঘূৰ্ণী বতাহ ‘তাউতে’ত বিধ্বস্ত হয় গুজৰাটৰ কেইবাটাও অঞ্চল। ‘তাউতে’ৰ ফলত গুজৰাটত প্ৰাণ হেৰুৱাইছে ৪৫ গৰাকী ব্যক্তিয়ে। ৰাজ্যখনৰ ১২ খন জিলা বিধ্বস্ত হৈছে তাউতেত। বুধবাৰে গুজৰাটৰ ক্ষতিগ্ৰস্ত অঞ্চল আকাশমাৰ্গেৰে পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে নৌ সেনাৰ বিমানেৰে পৰ্যবেক্ষণ কৰে পৰিস্থিতি। ভাৱনগৰৰ পৰা উৰা মাৰি উনা, ডিঅ’, জাফাৰাবাদ আৰু মাহোৱা পৰিদৰ্শন কৰে নৰেন্দ্ৰ মোদীয়ে। ক্ষতিগ্ৰস্তসকলক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাৰতীয় নৌ সেনাৰ বিষয়া মনোজ ঝাই বুধবাৰে সদৰি কৰা মতে, বৰ্তমানলৈকে আৰৱ সাগৰৰ পৰা ১৪ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। ongc বাৰ্জৰ সন্ধানহীন কৰ্মচাৰীৰ ১৮৪জনক উদ্ধাৰ কৰিবলৈও সক্ষম হৈছে নৌ সেনা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















