বিশ্বৰ অন্যতম ধনী ব্যৱসায়ী ইলন মাস্কৰ উপগ্ৰহভিত্তিক ইণ্টাৰনেট সেৱা ষ্টাৰলিংকক লৈ এতিয়া ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু দেশৰ সাৰ্বভৌমত্বৰ প্ৰশ্ন উত্থাপন হৈছে। সাধাৰণ ইণ্টাৰনেট সেৱা বন্ধ হৈ গ’লেও ষ্টাৰলিংকৰ জৰিয়তে ইণ্টাৰনেট ব্যৱহাৰ কৰাৰ সম্ভাৱনা থাকে। বিশেষকৈ চৰকাৰে ইণ্টাৰনেটৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা বা যোগাযোগ ব্যৱস্থা সীমিত কৰা পৰিস্থিতিত এই সেৱাই মানুহক বাহিৰৰ পৃথিৱীৰ সৈতে সংযুক্ত হৈ থকাৰ বিকল্প দিব পাৰে।
ইৰানৰ অভিজ্ঞতাই এই বিষয়টোক নতুনকৈ চৰ্চালৈ আনিছে। দেশখনত প্ৰতিবাদ আৰু ইণ্টাৰনেট বন্ধৰ সময়ত ষ্টাৰলিংক বিকল্প যোগাযোগ ব্যৱস্থা হিচাপে ব্যৱহাৰ কৰা হৈছিল বুলি বিভিন্ন প্ৰতিবেদনত প্ৰকাশ পাইছে। এফালে, এনে প্ৰযুক্তিয়ে মানুহৰ তথ্য লাভৰ সুবিধা বৃদ্ধি কৰিব পাৰে। আনফালে, কোনো বিদেশী ব্যক্তিগত কোম্পানীৰ হাতত দেশৰ যোগাযোগ ব্যৱস্থাৰ এটা গুৰুত্বপূৰ্ণ অংশৰ নিয়ন্ত্ৰণ থাকিলে ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু চৰকাৰী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ’ব পাৰে। এই কাৰণেই ভাৰতত ষ্টাৰলিংকৰ সম্ভাৱ্য ব্যৱহাৰ আৰু ইয়াৰ সৈতে জড়িত নিৰাপত্তাৰ বিষয়বোৰক লৈ আলোচনা গুৰুত্বপূৰ্ণ হৈ পৰিছে।
ষ্টাৰলিংক কি আৰু ই কেনেকৈ কাম কৰে?
ষ্টাৰলিংক হৈছে ইলন মাস্কৰ কোম্পানী SpaceXৰ উপগ্ৰহভিত্তিক ইণ্টাৰনেট সেৱা। পৰম্পৰাগত ইণ্টাৰনেট ব্যৱস্থাত সাধাৰণতে মাটিৰ তলত বা সাগৰৰ তলত স্থাপন কৰা কেবল, টাৱাৰ আৰু অন্যান্য আন্তঃগাঁথনিৰ সহায়ত সংযোগ প্ৰদান কৰা হয়। কিন্তু ষ্টাৰলিংকে মহাকাশত থকা বহুতো উপগ্ৰহৰ জৰিয়তে ইণ্টাৰনেট সংযোগ প্ৰদান কৰে। ইয়াৰ বাবে ব্যৱহাৰকাৰীৰ ঘৰত বা নিৰ্দিষ্ট স্থানত এটা বিশেষ এণ্টেনা বা টাৰ্মিনেল স্থাপন কৰিব লাগে। এই সঁজুলিয়ে উপগ্ৰহৰ সৈতে সংযোগ স্থাপন কৰি ইণ্টাৰনেট ব্যৱহাৰৰ সুবিধা দিয়ে। ইয়াৰ এটা ডাঙৰ সুবিধা হ’ল, দূৰৱৰ্তী পাহাৰীয়া অঞ্চল, দুৰ্গম গাঁও বা যিবোৰ ঠাইত পৰম্পৰাগত ইণ্টাৰনেটৰ আন্তঃগাঁথনি স্থাপন কৰাটো কঠিন, তাতো এই সেৱা উপযোগী হ’ব পাৰে। কিন্তু ইয়াৰ এক বিশেষ দিশ আছে। কোনো অঞ্চলৰ সাধাৰণ ইণ্টাৰনেট সেৱা বন্ধ হ’লেও উপযুক্ত সঁজুলি আৰু সংযোগ উপলব্ধ থাকিলে ষ্টাৰলিংক চলি থাকিব পাৰে। অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে চৰকাৰে ইয়াক কোনো পৰিস্থিতিতে বাধা দিব নোৱাৰে। ৰেডিঅ’ সংকেতত হস্তক্ষেপ, সঁজুলি জব্দ কৰা আৰু অন্যান্য কাৰিকৰী তথা আইনী ব্যৱস্থাই ইয়াৰ ব্যৱহাৰত প্ৰভাৱ পেলাব পাৰে।
ইৰানত কিয় চৰ্চালৈ আহিছিল ষ্টাৰলিংক?
ইৰানত চৰকাৰবিৰোধী প্ৰতিবাদ আৰু ইণ্টাৰনেট নিষেধাজ্ঞাৰ সময়ত ষ্টাৰলিংকৰ ভূমিকা বিশেষভাৱে চৰ্চালৈ আহিছিল। ২০২২ চনৰ ছেপ্টেম্বৰত মাহছা আমিনিৰ আৰক্ষীৰ জিম্মাত মৃত্যুৰ পিছত ইৰানত ব্যাপক প্ৰতিবাদ আৰম্ভ হৈছিল। এই প্ৰতিবাদৰ মাজতে তেতিয়াৰ আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেনে ২৩ ছেপ্টেম্বৰত ইৰাণৰ জনসাধাৰণৰ ডিজিটেল যোগাযোগৰ সুবিধা বৃদ্ধিৰ উদ্দেশ্যে সাধাৰণ অনুজ্ঞাপত্ৰ প্ৰদানৰ কথা ঘোষণা কৰিছিল। ইয়াৰ পিছদিনা ইলন মাস্কে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত ষ্টাৰলিংক সক্ৰিয় কৰাৰ ইংগিত দিছিল। পৰৱৰ্তী সময়তো ইৰাণত ইণ্টাৰনেটৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা পৰিস্থিতিত এই সেৱাৰ ব্যৱহাৰক লৈ আলোচনা হৈছিল। বিশেষকৈ ২০২৫ চনৰ জুন মাহত ইৰান আৰু ইজৰাইলৰ মাজত সংঘাতৰ সময়ত যোগাযোগ ব্যৱস্থাৰ ওপৰত বাধা আৰোপ কৰাৰ প্ৰসংগত ষ্টাৰলিংকৰ বিষয়টো পুনৰ চৰ্চালৈ আহিছিল। ইয়াৰ পৰা এটা কথা স্পষ্ট হয়—সংকটৰ সময়ত উপগ্ৰহভিত্তিক ইণ্টাৰনেট ব্যৱস্থাই যোগাযোগ অব্যাহত ৰখাত সহায় কৰিব পাৰে। কিন্তু একে সময়তে এই প্ৰযুক্তিয়ে চৰকাৰৰ ইণ্টাৰনেট নিয়ন্ত্ৰণৰ ক্ষমতাকো প্ৰত্যাহ্বান জনাব পাৰে।
ষ্টাৰলিংকক লৈ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ চিন্তা কিয়?
ষ্টাৰলিংকক লৈ উদ্বেগৰ মূল কাৰণ কেৱল ইণ্টাৰনেট সেৱা বন্ধ কৰিব নোৱাৰাৰ সম্ভাৱনা নহয়। ইয়াৰ সৈতে দেশৰ নিৰাপত্তা, তথ্যৰ গোপনীয়তা আৰু বিদেশী কোম্পানীৰ ওপৰত নিৰ্ভৰশীলতাৰ বিষয়ো জড়িত হৈ আছে।
১. চৰকাৰী ইণ্টাৰনেট নিষেধাজ্ঞাৰ মাজতো সংযোগৰ আশংকা
যেতিয়া কোনো চৰকাৰে প্ৰতিবাদ, যুদ্ধ বা জৰুৰী পৰিস্থিতিত পৰম্পৰাগত ইণ্টাৰনেট সেৱা বন্ধ কৰে, তেতিয়া ষ্টাৰলিংকৰ জৰিয়তে কিছুমান ব্যৱহাৰকাৰীয়ে সংযোগ অব্যাহত ৰাখিব পাৰে। ইয়াৰ ফলত মানুহে তথ্য আদান-প্ৰদান কৰিব পাৰে আৰু বাহিৰৰ পৃথিৱীৰ সৈতে যোগাযোগ বজাই ৰাখিব পাৰে। কিন্তু চৰকাৰৰ দৃষ্টিকোণৰ পৰা, নিৰাপত্তাজনিত কাৰণত যোগাযোগ সীমিত কৰিবলগীয়া হ’লে এনে ব্যৱস্থাক নিয়ন্ত্ৰণ কৰাটো কঠিন হ’ব পাৰে।
২. বিদেশী কোম্পানীৰ হাতত যোগাযোগ ব্যৱস্থাৰ নিয়ন্ত্ৰণ
ষ্টাৰলিংকৰ মূল কোম্পানী SpaceX আমেৰিকাৰ এটা ব্যক্তিগত কোম্পানী। কোম্পানীটোৱে আমেৰিকা চৰকাৰৰ বিভিন্ন মহাকাশ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কীয় কাৰ্যসূচীৰ সৈতেও কাম কৰে। ইয়াৰ ফলত এটা প্ৰশ্ন উত্থাপন হয়—কোনো দেশৰ সংকটৰ সময়ত কোম্পানীটোৱে সেৱা অব্যাহত ৰাখিব নে বন্ধ কৰিব, সেই সিদ্ধান্তৰ ওপৰত সেই দেশৰ চৰকাৰৰ কিমান নিয়ন্ত্ৰণ থাকিব? কোনো বিদেশী চৰকাৰৰ চাপত কোম্পানীটোৱে সেৱাৰ নিয়ম সলনি কৰিলে বা নিৰ্দিষ্ট অঞ্চলত সংযোগ বন্ধ কৰিলে সংশ্লিষ্ট দেশৰ যোগাযোগ ব্যৱস্থাত প্ৰভাৱ পৰিব পাৰে। অৱশ্যে এনে ঘটনা ঘটিবই বুলি ক’ব নোৱাৰি; ই সম্ভাৱ্য নিৰাপত্তাজনিত উদ্বেগৰ এটা দিশ।
৩. ব্যৱহাৰকাৰীৰ তথ্যৰ সুৰক্ষা
উপগ্ৰহভিত্তিক ইণ্টাৰনেট সেৱা ব্যৱহাৰ কৰাৰ সময়ত তথ্য কেনেকৈ সংগ্ৰহ, সংৰক্ষণ আৰু পৰিচালনা কৰা হয়, সেয়াও গুৰুত্বপূৰ্ণ বিষয়। বিশেষকৈ চৰকাৰী বিভাগ, প্ৰতিৰক্ষা প্ৰতিষ্ঠান বা কৌশলগতভাৱে গুৰুত্বপূৰ্ণ অঞ্চলত এই সেৱা ব্যৱহাৰ কৰিলে তথ্যৰ গোপনীয়তা আৰু সুৰক্ষা নিশ্চিত কৰাটো প্ৰয়োজনীয়। সেয়েহে এনে সেৱা দেশত প্ৰৱৰ্তন কৰাৰ আগতে তথ্য সুৰক্ষা, চৰকাৰী তদাৰকী আৰু আইনী দায়বদ্ধতাৰ স্পষ্ট ব্যৱস্থা থকাটো জৰুৰী।
ইৰানে ষ্টাৰলিংকৰ ব্যৱহাৰ ৰোধ কৰিবলৈ কি ব্যৱস্থা লৈছিল?
ইৰানত ষ্টাৰলিংকৰ ব্যৱহাৰ আৰু ইয়াক নিয়ন্ত্ৰণ কৰাৰ প্ৰচেষ্টাক লৈ বিভিন্ন প্ৰতিবেদন প্ৰকাশ পাইছে। তক্ষশীলা ইনষ্টিটিউচনৰ Starlink and Risks for India শীৰ্ষক প্ৰতিবেদন অনুসৰি, ২০২৬ চনৰ আৰম্ভণিলৈকে ইৰাণত প্ৰায় ৫০ হাজাৰ ষ্টাৰলিংক টাৰ্মিনেল চোৰাংভাৱে প্ৰৱেশ কৰা বুলি উল্লেখ কৰা হৈছে। ইণ্টাৰনেট নিষেধাজ্ঞাৰ সময়ত এই টাৰ্মিনেলসমূহৰ জৰিয়তে কিছুমান লোকে বাহিৰৰ পৃথিৱীৰ সৈতে যোগাযোগ বজাই ৰাখিব পাৰিছিল বুলি প্ৰতিবেদনখনত কোৱা হৈছে। ইয়াৰ প্ৰতিক্ৰিয়াত ইৰাণৰ কৰ্তৃপক্ষই কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















