অসম লাইভ ২৪ঃ সুদীর্ঘ ৩৮৮ দিনৰ পাছত মঙলবাৰে জামিন লাভ কৰিছে ‘কা’বিৰোধী আন্দোলনৰ নেত্ৰী দেৱাংগনা কলিতাই। দেৱাংগনাৰ লগতে জামিন লাভ কৰিছে একে গোচৰত অভিযুক্ত নাতাশা নৰৱাল আৰু আছিফ ইকবালে। মঙলবাৰে জামিন মঞ্জুৰ কৰি দিল্লী উচ্চ ন্যায়ালয়ে কৈছিল- ‘প্ৰতিবাদকাৰী আৰু সন্ত্ৰাসবাদীক একে দৃষ্টিৰে চাব নালাগে।’ পিছে দিল্লী উচ্চ ন্যায়ালয়ৰ এই ৰায়দানক লৈ সন্তুষ্ট নহয় দিল্লী আৰক্ষী। উচ্চ ন্যায়ালয়ৰ এই ৰায়দানক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব দিল্লী আৰক্ষী। উল্লেখযোগ্য যে ইয়াৰ পূর্বে ২০২০ চনৰ ২৩ মে’ত দেৱাংগনাক জাফাৰবার্গ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছদিনাই জামিন পাইছিল। কিন্তু ২৪ মে’ৰ দিনাই পুনৰ দেৱাংগনাক গ্ৰেপ্তাৰ কৰিছিল দিল্লী আৰক্ষীৰ অপৰাধ শাখাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















