অসম লাইভ ২৪ঃ টকিঅ’ অলিম্পিকৰ আজি চতুৰ্থটো দিন। আশা-নিৰাশাৰ মাজেৰে ভাৰতে কিছু অগ্ৰগতি লাভ কৰিছে চতুৰ্থটো দিনত। টেবল টেনিছৰ পুৰুষ চিংগলছত তৃতীয় ৰাউণ্ডলৈ উন্নীত হয় শৰথ কমল। ৪-২ ব্যৱধানত পৰ্তুগালৰ বিৰুদ্ধে জয়ী হয় ভাৰত। মহিলা টেবল টেনিছতো জয়েৰে অভিযান অব্যাহত ৰাখিছে ভাৰতে। মহিলা ছিংগেলছৰ তৃতীয় ৰাউণ্ডলৈ উন্নীত মণিকা বাট্ৰা। আজি বিয়লি ৫.৪৫ বজাত মহিলা হকীত জার্মানীৰে মুখামুখি হ’ব ভাৰত। ইপিনে, আজি গৃহভূমি পাবহি মীৰাবাঈ চানু। বিয়লি নতুন দিল্লীত উপস্থিত হ’ব চানু। অলিম্পিকত ৰূপৰ পদক জয়েৰে দেশবাসীলৈ উপহাৰ মীৰাবাঈ চানুৰ। মীৰাবাঈক আদৰিবলৈ সাজু সমগ্ৰ দেশ। সুদীর্ঘ ২১ বছৰৰ পাছত ভাৰোত্তোলনত পদক জয় কৰে ভাৰতে। টকিঅ’ অলিম্পিকত ৰূপৰ পদকেৰে পদক তালিকাৰ ২৫ নং স্থানত আছে ভাৰত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















