• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

1 hour ago
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

3 minutes ago
বিজেপি নেতাৰ গৃহত ডকাইতি

বিজেপি নেতাৰ গৃহত ডকাইতি

48 minutes ago
ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

2 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

4 hours ago
প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

4 hours ago
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

সম্পৰ্কত নাথাকে তিক্ততা, মৰম দিব বিচাৰিব স্বামীয়ে, মাত্ৰ অনুসৰণ কৰক এই টিপছ!

4 hours ago
চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

5 hours ago
বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

5 hours ago
Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

6 hours ago
দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

7 hours ago
নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

7 hours ago
চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

শিক্ষা নলয় চীনে!

editor by editor
October 13, 2026
in বিবিধ, বিশ্ব, ভাৰত, লেখা
0
পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী
0
SHARES
37
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যিমানেই আলোচনা নকৰক কিয় চীনে কেতিয়াও শুধৰণি নকৰে। লাডাখক লৈ চীনে পুনৰ নিজৰ মন্তব্যৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিতৰ্কৰ সৃষ্টি কৰিবলৈ বিচাৰিছে। শেহতীয়াভাৱে দেশখনে লাডাখৰ ২৮টাকৈ স্থান নিজৰ বুলি ভিত্তিহীন দাবী কৰিছে। এই ২৮টা কৌশলগত স্থান আৰু ভৌগোলিক অঞ্চলৰ নাম আনুষ্ঠানিকভাৱে নিৰ্ধাৰণ কৰাক লৈ ভাৰতৰ বিৰুদ্ধে আপত্তি প্ৰকাশ কৰিছে চীনে। এই অঞ্চলসমূহ নিজৰ বুলি পুনৰ দাবী কৰি ভাৰতৰ এই পদক্ষেপক অবৈধ আৰু অগ্ৰহণযোগ্য আখ্যা দিছে চীনা চৰকাৰে। ভাৰত-চীন সীমান্তক লৈ চলি থকা মতানৈক্যৰ মাজতে চীনৰ এই মন্তব্যই পুনৰ চৰ্চা লাভ কৰিছে।

চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাও নিঙে কয় যে চীনে ভাৰতৰ দ্বাৰা গঠন কৰা লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চলক কেতিয়াও স্বীকৃতি দিয়া নাই। লাডাখৰ ২৮টা স্থান আৰু ভৌগোলিক অঞ্চলৰ নাম ভাৰতৰ গৃহ মন্ত্ৰালয়ে আনুষ্ঠানিকভাৱে নিৰ্ধাৰণ কৰাৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ এই মন্তব্য কৰে। মাও নিঙে সাংবাদিকৰ আগত ভিত্তিহীনভাৱে ‘ভাৰতৰ এই পদক্ষেপ অবৈধ আৰু ইয়াৰ কোনো বৈধতা নাই’ বুলি মন্তব্য কৰে। তেওঁ লগতে দাবী কৰে যে ভাৰত-চীন সীমান্তৰ পশ্চিম অংশৰ সংশ্লিষ্ট অঞ্চলসমূহ সদায় চীনৰ অধীনত আছিল।

বিগত ২ অক্টোবৰত ভাৰতে লাডাখৰ ২৮টা স্থান আৰু ভৌগোলিক বৈশিষ্ট্য থকা অঞ্চলৰ নাম আনুষ্ঠানিকভাৱে নিৰ্ধাৰণ কৰিছিল। এই স্থানসমূহৰ ভিতৰত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (LAC)ৰ ওচৰত থকা গোগ্ৰা আৰু হট স্প্ৰিংছৰ দৰে গুৰুত্বপূৰ্ণ অঞ্চলসমূহো আছে। ভাৰত চৰকাৰে লাডাখ প্ৰশাসনৰ সৈতে আলোচনা কৰি এই পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ মূল উদ্দেশ্য হৈছে অঞ্চলসমূহৰ সঠিক পৰিচয় নিশ্চিত কৰা, চৰকাৰী মানচিত্ৰত স্থানসমূহৰ নাম সুশৃংখলভাৱে অন্তৰ্ভুক্ত কৰা আৰু স্পৰ্শকাতৰ সীমান্ত অঞ্চলৰ বিষয়ে জনসাধাৰণক অধিক সচেতন কৰা। গোগ্ৰা আৰু হট স্প্ৰিংছ ভাৰত-চীন সীমান্তৰ অতি গুৰুত্বপূৰ্ণ স্থান। ২০২০ চনত দুয়োখন দেশৰ সেনাৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়ত এই অঞ্চলসমূহ সংঘাতৰ কেন্দ্ৰ হৈ পৰিছিল। প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভাৰতীয় সেনাৰ টহলদাৰীৰ বাবেও এই স্থানসমূহৰ বিশেষ গুৰুত্ব আছে।

পূব লাডাখত ভাৰত আৰু চীনৰ মাজত সীমান্তকেন্দ্ৰিক উত্তেজনা ২০২০ চনৰ ৫ মে’ত পাংগং হ্ৰদৰ ওচৰত দুয়োখন দেশৰ সেনাৰ মাজত হোৱা সংঘৰ্ষৰ পাছত অধিক বৃদ্ধি পাইছিল। ইয়াৰ পাছত সীমান্তত দুয়োখন দেশৰ সেনা মোতায়েন কৰা হৈছিল আৰু দীৰ্ঘদিন ধৰি অচলাৱস্থা অব্যাহত আছিল। ২০২২ চনত দুয়োখন দেশে কিছুমান সংঘাতপূৰ্ণ অঞ্চলৰ পৰা সেনা প্ৰত্যাহাৰৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। তথাপি সীমান্তক লৈ দুয়োখন দেশৰ মাজত মতানৈক্য সম্পূৰ্ণৰূপে দূৰ হোৱা নাই।

ভাৰত চৰকাৰে লাডাখৰ যিবোৰ স্থানৰ নাম আনুষ্ঠানিকভাৱে নিৰ্ধাৰণ কৰিছে, সেইবোৰৰ ভিতৰত আছে— আলিছাগিৰি পৰ্বতশৃংগ, ব্ৰাংছা, চাপচিংগল গিৰিপথ, কনিষ্ক শৃংগ, কৰুণ পীৰ পৰ্বত, কুকছেল, মাৰ্তণ্ড গিৰি, পাৰপিক হিমবাহ, স্কামৰি হিমবাহ, শ্চমিৰিক গিৰিপথ, শকোৰগা উপত্যকা, জোৰাৱৰ শৃংগ, দেহৰা কম্পাছ, দ্ৰক কাৰ্পো, জলমোৰি, কুমাৰায়ণ পইণ্ট, পাংগুলুং, ৰিনচেন জাংপো, চাক্যশ্ৰী গিৰি, গুৰু ৰিনপোছে, শ্যামল লুংপা, য়াংপা নদী, মাৰ্পা লোৎসাৱা ৰি, মিলাৰেপা কাংৰি, শিৱ ৰি আৰু মহেশ্বৰ ৰি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24china
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?
ৰাজনীতি

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

October 13, 2026
বিজেপি নেতাৰ গৃহত ডকাইতি
ৰাজনীতি

বিজেপি নেতাৰ গৃহত ডকাইতি

October 13, 2026
ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!
অপৰাধ

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

October 13, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

October 13, 2026
Next Post
বিজেপি নেতাৰ গৃহত ডকাইতি

বিজেপি নেতাৰ গৃহত ডকাইতি

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.