অসম লাইভ ২৪ঃ একাংশ লোকে জন্মাষ্টমীৰ ৰীতি-নীতি পালন কৰাত ব্যস্ত থকাৰ সময়তে একাংশই ভাঙি চূৰমাৰ কৰিলে ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তি৷ জন্মাষ্টমীৰ দিনাই শ্ৰীকৃষ্ণৰ মূৰ্তি ভাঙি চূৰমাৰ দুষ্টচক্ৰৰ৷ ইছলাম ধৰ্মৰ দুবৃত্তই হিন্দুৰ মন্দিৰত প্ৰৱেশ কৰি লণ্ডভণ্ড কৰাৰ লগতে ভাঙি চূৰমাৰ কৰিলে ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তি৷ পাকিস্তানৰ সাংঘাৰ জিলাত সোমবাৰে সংঘটিত হয় এই নিন্দনীয় ঘটনা৷ জন্মাষ্টমীৰ অনুষ্ঠান চলি থকাৰ মাজতে এই ঘটনা সংঘটিত কৰে দুৰ্বৃত্তই৷ পূৰ্বেও পাকিস্তানৰ হিন্দু মন্দিৰত প্ৰৱেশ কৰি অসামাজিক কাৰ্য সংঘটিত কৰিছিল মুছলমানে৷ বিগত মাহত ৰহিম য়াৰ খান জিলাত হিন্দুৰ মন্দিৰ ধ্বংস কৰিছিল পাকিস্তানৰ একাংশ মুছলমান লোকে৷ কেৱল এয়াই নহয় ২০২০ চনৰ পৰা বৰ্তমানলৈকে ৭টাকৈ হিন্দুৰ মন্দিৰ মুছলমান লোকে ধ্বংস কৰিছে পাকিস্তানত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ