গৃহমন্ত্ৰী অমিত শ্বাহৰ ওপৰত কৰা মন্তব্যৰ বাবে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু। সেই গোচৰত আজি ৰাহুল গান্ধীক দোষমুক্ত কৰা হয়। উত্তৰ প্ৰদেশৰ চুলতানপুৰৰ বিশেষ সাংসদ-বিধায়ক আদালতে এই ৰায় দিয়ে। ৰাহুল গান্ধীও ৰায় ঘোষণা কৰাৰ সময়ত আদালতত উপস্থিত আছিল।
২০১৮ চনত ৰাহুল গান্ধীয়ে কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলাই গৃহমন্ত্ৰী অমিত শ্বাহক লৈ বিতৰ্কিত মন্তব্য কৰিছিল। সেই মন্তব্যৰ পৰিপ্ৰেক্ষিতত তেতিয়াৰ বিজেপিৰ জিলা উপ সভাপতি বিজয় মিশ্ৰই ভাৰতীয় দণ্ডবিধিৰ ৪৯৯ আৰু ৫০০ ধাৰাত অপৰাধমূলক মানহানিৰ গোচৰ ৰুজু কৰে। ২০২৩ চনত এই গোচৰত ৰাহুল গান্ধীকো চমন কৰা হৈছিল।তেওঁ আদালতত হাজিৰ হৈ জামিন লাভ কৰিছিল।
এই গোচৰৰ দুয়োপক্ষৰ বক্তব্য শুনানিৰ পিছত ১৩ অক্টোবৰত ৰায়দান দিয়াৰ কথা আছিল যদিও পিছত ৰায়দান ২৬ অক্টোবৰলৈ পিছুৱাই দিয়া হয়।
আজিৰ দিনটোতে পৰ্যাপ্ত প্ৰমাণৰ অভাৱত ৰাহুল গান্ধীক নিৰ্দোষী ঘোষণা কৰে আদালতে। আদালতে কয় যে ৰাহুল গান্ধীৰ মন্তব্য মানহানিকাৰক নহয়। ৰায় ঘোষণাৰ পিছতে আদালতৰ চৌহদত আনন্দত উত্তাল হৈ পৰে কংগ্ৰেছ কৰ্মী আৰু সমৰ্থক। কংগ্ৰেছে এটা পোষ্ট পোষ্ট কৰি কয় যে, “কেৱল সত্যই জয়ী হয়।”
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















