গুৱাহাটীত বাজিব বিশ্বখ্যাত ৰক বেণ্ড Guns N’ Rosesৰ সুৰ! ১৭ নৱেম্বৰত গুৱাহাটীলৈ আহিব বিশ্বৰ অন্যতম জনপ্ৰিয় আমেৰিকান ৰক বেণ্ড Guns N’ Roses। অহা ১৭ নৱেম্বৰ, ২০২৬ তাৰিখে গুৱাহাটীৰ খানাপাৰা ভেটেৰিনেৰী গ্ৰাউণ্ডত এক বৃহৎ সংগীতানুষ্ঠানত অংশগ্ৰহণ কৰিব বেণ্ডটোৱে। এই অনুষ্ঠানৰ জৰিয়তে প্ৰথমবাৰৰ বাবে উত্তৰ-পূৰ্বাঞ্চলত সংগীত পৰিৱেশন কৰিব বিশ্বখ্যাত ৰক বেণ্ডটোৱে। আপুনি অনুষ্ঠানটো চাবলৈ BookMyShow প্লেটফৰ্মত টিকট ক্ৰয় কৰিব লাগিব।
১৭ নৱেম্বৰত খানাপাৰাত সংগীতৰ যাদু
Guns N’ Rosesৰ অনুষ্ঠানৰ খানাপাৰা ভেটেৰিনেৰী গ্ৰাউণ্ডত অনুষ্ঠিত হ’ব। BookMyShowৰ তথ্য অনুসৰি, অনুষ্ঠানটো বিয়লি ৪ বজাৰ পৰা আৰম্ভ হোৱাৰ কথা আৰু ইয়াৰ সময়সীমা প্ৰায় ৬ ঘণ্টা। টিকটৰ মূল্য ৫,৫০০ টকাৰ পৰা আৰম্ভ হৈছে। চিলভাৰ (Phase 7)ৰ মূল্য ৫,৫০০ টকা, গোল্ড (Phase 7) ৰ ১০,০০০ টকা আৰু প্লেটিনাম লাউঞ্জৰ (Phase 7) ৰ মূল্য ১৬,০০০ টকা।
এই অনুষ্ঠাত ৫ বছৰৰ অনুৰ্ধৰ প্ৰৱেশত বাধা আৰোপ কৰা হৈছে। যদি কোনো ১৬ বছৰৰ অনুৰ্ধৰ যুৱক-যুৱতী যায়, তেন্তে লগত অভিভাৱক নিয়াটো বাধ্যতামূলক। ইয়াৰোপৰি অনুষ্ঠানত বহিবলৈ কোনো ব্যৱস্থা নাথাকিব। যদি আপুনি অনুষ্ঠান চলি থকাৰ সময়ত ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহে, তেন্তে পুনৰ ভিতৰত যাব নোৱাৰিব। আপোনাৰ পৰিয়ালৰ সদস্য বা বন্ধুবৰ্গৰ সৈতে যাবলৈ মাত্ৰ ১০ টা টিকটহে ক্ৰয় কৰিব পাৰিব। BookMyShowৰ জড়িয়তে এজন ব্যক্তিয়ে ১০ টাতকৈ অধিক টিকত ক্ৰয় কৰিব নোৱাৰিব।
কোন কোন থাকিব সদস্য?
এই অনুষ্ঠানত বেণ্ডটোত থকা মূল সদস্যসকল হৈছে Axl Rose (কণ্ঠ), Slash (লিড গীটাৰ) আৰু Duff McKagan (বেছ গীটাৰ)। ‘Sweet Child O’ Mine’, ‘November Rain’, ‘Welcome to the Jungle’ আৰু ‘Paradise City’ৰ দৰে কালজয়ী গীতেৰে বিশ্বজুৰি জনপ্ৰিয়তা লাভ কৰিছে বেণ্ডটোৱে।
উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ঐতিহাসিক মুহূৰ্ত
গুৱাহাটীত Guns N’ Rosesৰ অনুষ্ঠান অনুষ্ঠিত হোৱাটো কেৱল সংগীতপ্ৰেমীৰ বাবেই নহয়, অসমৰ পৰ্যটন আৰু অৰ্থনৈতিক ক্ষেত্ৰৰ বাবেও এক গুৰুত্বপূৰ্ণ দিন। কিছুদিন পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো সামাজিক মাধ্যমযোগে এই আন্তঃৰাষ্ট্ৰীয় ৰক বেণ্ডটোক গুৱাহাটীলৈ আদৰণি জনাইছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















