অসম লাইভ ২৪ঃ ভাৰতত জন্ম হোৱা নাছিল ভগৱান ৰামৰ। ভাৰতত নাই অযোধ্যাৰ অস্তিত্ব। এয়া ভুৱা। ভগৱান ৰামচন্দ্ৰ নেপালী। নেপালতহে জন্ম হৈছিল ভগৱান ৰামচন্দ্ৰৰ। ভগৱান ৰামচন্দ্ৰৰ জন্মস্থান নেপালৰ বীৰগঞ্জৰ। প্ৰকৃত অযোধ্যা আছে নেপালতহে। উত্তৰ প্ৰদেশত ৰাম মন্দিৰ নিৰ্মাণৰ পূৰ্ণ প্ৰস্তুতি চলি থকা সময়ত সৃষ্টি হ’ল এই বিতৰ্কৰ। নেপাল-ভাৰতৰ মাজত চলি থকা সীমাকেন্দ্ৰিক শীতল যুদ্ধৰ সময়তে নেপালৰ প্ৰধানমন্ত্ৰীক কে পি শৰ্মা অলিয়ে এই বিতৰ্কিত মন্তব্য কৰিছে। ভাৰতৰ বিৰুদ্ধে সাংস্কৃতিক দমন আৰু তথ্য বিকৃতিৰ অভিযোগ উত্থাপন কৰিলে নেপালৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ