অসম লাইভ ২৪ঃ স্থাপন হ’ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাহৰকটীয়া অধিৱেশনৰ লাইখুঁটা। হৰি নামৰ ধ্বনিৰে মুখৰিত নাহৰকটীয়া। চতুৰ্দিশে মাথোঁ জয় জয় ৰাম কৃষ্ণ ধ্বনি। পুৱাৰে পৰা নাহৰকটীয়াৰ ৰাঙলী পথাৰলৈ হাজাৰ হাজাৰ ভক্তৰ সমাগম। ভকতৰ পদধূলাৰে দ্বিতীয় বৈকুণ্ঠ যেন হৈ উঠিল নাহৰকটীয়া। এই ৰাঙলী পথাৰতে অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যক অধিৱেশন। ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰ নামকৰণ হৈছে এই অধিৱেশন থলীৰ। ৪,৫ আৰু ৬ ফেব্ৰুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নাহৰকটীয়াৰ ৰাঙলী পথাৰৰ ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ডিব্ৰুগড় জিলা শাখাৰ আতিথ্যত অনুষ্ঠিত হব লগা অধিৱেশনৰ প্ৰস্তুতি পৰ্ব আৰম্ভ হ’ল। তদুপলক্ষে দেওবাৰে হাজাৰ হজাৰ ভক্তৰ উপস্থিতিত হৰি ধ্বনিৰে লাইখুঁটা স্থাপন সম্পন্ন হয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে লাইখুটা স্থাপন কৰে। লাইখুঁটা স্থাপন স্থলীলৈ পদাধিকাৰ কমলাকান্ত গগৈ, সম্পাদক প্ৰধান বাবুল বৰা আৰু আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি তথা স্থানীয় বিধায়ক তৰংগ গগৈক ভকত বৈষ্ণৱে পুষ্পসজ্জিত বাহনত উঠাই আদৰি আনে। অনুষ্ঠানত মন্ত্ৰী অতুল বৰা, বিমল বৰা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাও উপস্থিত থাকে। লাইখুঁটা স্থাপনৰ পাছতে ৰাঙলী পথাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাঙ্গণত অনুষ্ঠিত হয় ৰাজহুৱা সভা। অধিৱেশন ভাগি সাফল্যমণ্ডিত কৰি তুলিবলৈ ৰাইজৰ সকলো প্ৰকাৰৰ সহায় সহযোগ কামনা কৰিছে আদৰণি সমিতিয়ে।
নাহৰকটীয়াৰ পৰা বিদ্যুৎ মহন্ত, অসম লাইভ ২৪।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















