অসম লাইভ ২৪ঃ নাও ডুবিলেও টিঙৰ পৰা নানামে মোদী চৰকাৰে। কিন্তু এইবাৰ সঁচাকৈয়ে নাও ডুবিব নেকি মোদী চৰকাৰক ডাঙি ধৰি থকা মূল খুঁটা উত্তৰ প্ৰদেশ। দিন যিমানে কাষ চাপিছে সিমানে ভয়, শংকা আৰু উত্তেজনা বাঢ়িছে যোগী আৰু মোদী চৰকাৰৰ। শেহতীয়া পৰিস্থিতি হয়টো প্ৰধানমন্ত্ৰী মোদীয়েও বুজি উঠিছে যে সদায়ে “বুৰে প্ৰতি শেলুক নহয়”। এসময়ত দম্ভ-অহংকাৰৰ পৰীক্ষা আজি যে এনেদৰে দিব লাগিব হয়তো এই কথা কোনেও ভৱা নাছিল। শেষত উপায়হীন মোদী চৰকাৰে কথিত ভাৱে ঘোষণা কৰিলে তিনি কৃষি বিল বাতিল কৰাৰ । কিন্তু, মোদী যদি ডালে ডালে, এইবাৰ কৃষকো কিন্তু পাতে পাতে। কৃষক নেতাৰ স্পষ্ট মন্তব্য, মুখেৰে নহয় সংসদত বাতিল কৰক কৃষি বিল। কথিত ঘোষণা আমি মানি নলওঁ। কৃষকৰ এইবাৰ মোদী চৰকাৰৰ বিৰুদ্ধে কাঢ়া স্থিতি। তিনি কৃষি বিল বাতিল কাৰাৰ ওপৰিও MSP অৰ্থাত নূন্যতম সমৰ্থন মূল্যক লৈ চৰাকাৰে প্ৰণয়ন কৰিব লাগিব আইন লগতে প্ৰত্যাহাৰ কৰিব লাগিব বিদ্যুৎ সংশোধনী বিধেয়ক। কোনো কাৰণতে প্ৰতিবাদ ৰুদ্ধ কৰিব নোৱাৰা কঠোৰ কৃষকে এইবাৰ পুনৰ ২২ নৱেম্বৰত লক্ষ্ণৌত আৰু ২৯ নৱেম্বৰত সংসদ ভৱনলৈ ট্ৰেক্টৰ ৰেলীৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। লগতে আন্দোলনত নিহত হোৱা কৃষকৰ আৰ্থিক সাহায্যৰ দাবী তুলিছে আন্দোলনত ভাগ লোৱা কৃষক সমাজে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ