অসম লাইভ ২৪ঃ দেশৰ ৫ ৰাজ্যৰ ৰাজ্যসভা নিৰ্বাচনৰ পূৰ্বে চৰম প্ৰত্যাহ্ৱানৰ সন্মুখিন এইবাৰ বিজেপি নেতৃত্বাধীন মোদী চৰকাৰ। আগন্তুক পাঁচ ৰাজ্যৰ নিৰ্বাচনত পূৰ্বৰ দৰে অনায়াসে নিৰ্বাচন জিকাৰ এইবাৰ কোনো যাদুকৰি চমৎকাৰ নাই মোদী চৰকাৰ হাতত। অংক সকলো ফালে মিলোৱা হৈছে কিন্তু উত্তৰ হে ওলোৱা নাই বিজেপি চৰকাৰৰ। শেষত বশ্যতা স্বীকাৰ কৰি বাতিল কৰাৰ কথিত সিদ্ধান্ত ললে তিনি কৃষি বিলৰ। কিন্তু এই সিদ্ধান্তত চল চাই ধনুৰ এপাট এপাট কৈ শৰ এৰাত লাগিল দেশৰ কৃষক জনতা। বিগত এটা বছৰত আন্দোলনত মৃত্যু হোৱা ৭৫০ জন কৃষকৰ হিচাপ দেখুওৱালে কৃষক সংগঠনে মোদী চৰকাৰৰ সন্মুখত। কেৱল মৃত্যু হোৱা কৃষকৰ হিচাপ দেখুওৱাতে ক্ষান্ত থকা নাই কৃষক সংগঠনসমূহে। ৭৫০ জন কৃষকৰ উচিত আৰ্থিক ক্ষতিপূৰণ দাবী কৰিছে কৃষক সংগঠনে। মোদী চৰকাৰৰ পৰা এই আৰ্থিক দাবী এতিয়াহে বেছি জোৰদাৰ হৈ পৰিছে কিয়নো কৃষকৰ সমৰ্থনত নিজৰ মন্তব্য ৰাখিলে তেলেংগানাৰ মুখ্যমন্ত্ৰী চি এম চন্দ্ৰশেখৰ ৰাওৰ লগতে বিজেপিৰ সাংসদ বৰুণ গান্ধীয়েও। তেলেংগানা চৰকাৰে আন্দোলনত মৃত্যু হোৱা মুঠ ৭৫০ গৰাকী কৃষকলৈ ৩ লাখ টকাকৈ আৰ্থিক অনুদান দিয়াৰ লগতে কেন্দ্ৰৰ মোদী চৰকাৰে মৃত্যু হোৱা প্ৰতিটো কৃষকৰ পৰিয়াললৈ ন্যূনতম ২৫ লাখ টকাৰ আৰ্থিক অনুদানৰ দাবী তুলিছে। তেলেংগানা চৰকাৰৰ আৰ্থিক অনুদান আৰু কৃষকৰ দাবীয়ে এইবাৰ আন এটা দিশত বাৰুকৈ শ’লঠেকত পেলাইছে মোদী চৰকাৰক। কিয়নো দেশৰ অৰ্থনীতিৰ এই পুতৌলগা অৱস্থাত কেনেকৈ কৃষকক আৰ্থিক অনুদানেৰে সন্তুষ্ট কৰিব মোদী চৰকাৰে! তাতে মোদী চৰকাৰৰ চকুৰ সন্মুখত ৫ ৰাজ্যৰ ৰাজ্যসভা নিৰ্বাচন।
Click Here For More:
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ