অসম লাইভ ২৪ঃ আচৰিত! “বাই ৱান গেট ৱান”ৰ দৰে LIC ত বাম্পাৰ অফাৰ! মাত্ৰ দুশ টকাকৈ জমা কৰক আৰু লাভ কৰক ২৮ লাখ টকা। আজিৰ সময়ত হ’য়টো সকলো মানুহেই LIC ত বীমাৰ জড়িৰতে ধন জমা কৰে। আৰু আপুনিও ব্যতিক্ৰম নহয়। য’ত সম্ভৱ বিভিন্ন সময়ত LIC ত আপুনিও ধন জমা কৰি আহিছে । কিন্তু এই সময়ত আপোনাৰ বাবে LIC য়ে মুকলি কৰিছে বাম্পাৰ লাভ যুক্ত এক বিশেষ আঁচনি। শনিবাৰে LIC য়ে বীমা সম্পৰ্কীয় এক নতুন আঁচনি আলোচনা কৰে, যত আপুনি ২০ বছৰৰ বাবে ২০০ টকাকৈ জমা কৰি নিৰ্ধাৰিত ম্যাদৰ শেষত লাভ কৰিব প্ৰায় ২৮ লাখ ধন। এই আঁচনিৰ সকলোতকৈ ডাঙৰ বৈশিষ্ট্য হৈছে আপুনি কম বিনিয়োগ কৰি অধিক লাভ আদায় কৰক। এই আঁচনিত প্ৰতি পাঁচ বছৰত ৰিস্ক কভাৰ বৃদ্ধি হয়। এই আঁচনিৰ আৰম্ভনীৰ ৬ৰ পৰা ১০ বছৰৰ ভিতৰত ২৫ শতাংশৰ পৰা ১২৫ শতাংশলৈ বৃদ্ধি হয়। আনহাতে ১১ বছৰৰ পৰা ১৫ বছৰৰ ভিতৰত লাভাংশ বৃদ্ধি হয় ১৫০ শতাংশলৈ। ২০ বছৰলৈ এই পৰিমান বৃদ্ধি হৈ ২০০ শতাংশ পৰ্যন্ত পায়। অনহাতে, গুৰুত্বপূৰ্ণ বিষয়টো হ’ল, যদি ৬ৰ পৰা ১০ বছৰৰ ভিতৰত বীমা কৰা ব্যক্তিজনৰ মৃত্যু হয় তেন্তে মৃত্যুৰ কভাৰেজ পাব ২ৰ পৰা ২.৫ লাখ। মূল বিষয়টো হ’ল এই কভাৰেজৰ বাবে আঁচনি ধাৰকৰ বয়স ১৫ পৰা ৪৫ বছৰ ভিতৰত হব লাগিব। এই আঁচনিৰ একেবাৰে নিম্নতম কভাৰেজৰ পৰিমান হৈছে ১,৫০,০০০ টকা। এই আঁচনি সম্পৰ্কে আৰু অধিক স্পষ্টকৈ জানিবৰ বাবে LICৰ নিজা Web site ত গৈ পঢ়ি চাব পাৰে।
Click Here For More Info:
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ